মুখ্যমন্ত্ৰীলৈ মৰম! হিমন্ত বিশ্ব শৰ্মাক বিলাসী লেম্বৰঘিনি উপহাৰ কৰিলে এজন অনুৰাগীয়ে

CM

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লেম্বৰঘিনি উপহাৰ দিবলৈ আহিছে শিলচৰৰ নুৰুল হকে। নুৰুলে নিজেই সাজি উলিয়াইছে এই বিলাসী বাহন খন। বিগত চাৰি মাহৰ অশেষ কষ্টৰ অন্তত নুৰুলে নিৰ্মান কৰি উলিয়ালে বাহন খন।আজি মুখ্যমন্ত্ৰীক নিজ হাতেৰে নুৰুল অৰ্পণ কৰিব বাহন খন। মুখ্যমন্ত্ৰীৰ প্ৰতি অগাধ ভাল পোৱাৰ বাবেই নুৰুল হকে সাজি উলিয়ায় বিলাসী বাহন খন। শিলচৰৰ পৰা আহোঁতে 12 ঘণ্টাৰো অধিক সময়ৰ প্ৰয়োজন হল বুলি দোহাৰে নুৰুল হকৰ সৈতে অহা দলটোৱে। কিয়নো মেঘালয়ৰ পথত হাজাৰ হাজাৰ লোকে selfy লয় লেম্বৰ ঘিনি বাহন খনৰ সৈতে। দলটোৰ ভাষ্য--মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ উপহাৰ হিচাপে অনাৰ বাবে গাড়ী খনৰ মূল্য বহু গুণে বৃদ্ধি পালে। যাৰ বাবে মেঘালয়ৰ আৰক্ষীয়ে নিৰাপত্তা দি গুৱাহাটী পোৱালেহি  বাহন খন

 

Category