মেঘালয়ৰ ৰাজপথত দপদপকৈ জ্বলিছে বাহন, জীৱন্তে অগ্নিদগ্ধ মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ…

Burn

এটা মৰ্মান্তিক দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ হ’ল মেঘালয়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ই. কে. লিংদৌৰ কণিষ্ঠ পুত্ৰ। শনিবাৰে তুৰাৰ পৰা শ্বিলঙলৈ গৈ থকাৰ সময়তে জ্বলি যায় ৩৭ বছৰীয়া সহকাৰী অধ্যাপক ফাৰ্দিনাণ্ড বি লিংদৌৰ গাড়ীখন।

fire

শনিবাৰে মেঘালয়ৰ ৰিভয় জিলাত সংঘটিত হয় এই ঘটনা। নিজৰ বলেৰ’ বাহনেৰে শ্বিলং অভিমুখে গৈ আছিল অধ্যাপকগৰাকী। শ্বৰ্ট চাৰ্কিটৰ ফলত অথবা ইন্ধনৰ পাইপ লিক হোৱাৰ ফলত এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

son

উল্লেখ্য যে, লিংদৌ আছিল মেঘালয়ৰ তুৰাৰ কমিউনিটি চায়েন্স কলেজৰ Basic Science and Humanitiesৰ সহকাৰী অধ্যাপক।

Category