নতুন দিল্লীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

Himanta Biswa Sarma

নতুন দিল্লীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ। 

সাক্ষাতৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীৰ সৈতে এক বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ শেহতীয়া বান পৰিস্থিতি, বানৰ ফলত হোৱা ক্ষয়-ক্ষতিৰ সামগ্ৰিক মূল্যায়ন আৰু সংহাৰী বানৰ পাছত ক্ষতিগ্ৰস্ত অঞ্চলসমূহৰ পুনঃৰ্নিৰ্মাণ তথা জনসাধাৰণৰ জীৱিকা পুনৰুদ্ধাৰৰ আঁচনি সন্দৰ্ভত বিত্ত মন্ত্ৰীক অৱগত কৰে।

কৰ্তব্য ভৱনত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বান সাহায্য তথা পুনৰ সংস্থাপন ব্যৱস্থা সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। বানাক্ৰান্ত এলেকা আৰু পৰিয়ালসমূহক সাহায্য প্ৰদানৰ লগতে জীৱিকা ঘূৰাই অনাৰ পৰৱৰ্তী পদক্ষেপসমূহৰ ৰূপৰেখা দাঙি ধৰে। 

সামাজিক মাধ্যমত এক প'ষ্ট যোগে মুখ্যমন্ত্ৰীগৰীকীয়ে উল্লেখ কৰে যে-  কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীয়ে অসমৰ সমস্যা আৰু প্ৰয়োজনসমূহ অতি সংবেদনশীলতা আৰু মনোযোগেৰে শুনিছে। বিত্ত মন্ত্ৰীগৰাকীয়ে  আশ্বাস প্ৰদান কৰে যে- বানাক্ৰান্ত পৰিয়ালসমূহক পুনৰ সংস্থাপিত কৰা আৰু তেওঁলোকৰ জীৱনযাত্ৰা স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ এই প্ৰচেষ্টাত ভাৰত চৰকাৰে অসমৰ কাষত দৃঢ়তাৰে থিয় দিব।

Category