কাছাৰ আৰক্ষীৰ সফলতা। গোপন তথ্যৰ ভিত্তিত শিলচৰ আৰু আৰু উদাৰবন্দ থানা এলেকাত আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ নিষিদ্ধ কফ ছিৰাপ জব্দ কৰে।
জব্দকৃত কফ ছিৰাপখিনিৰ মূল্য প্ৰায় ১ কোটি টকা বুলি জানিব পৰা গৈছে। ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত কাছাৰৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰজত কুমাৰ পলে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে, গোপন তথ্যৰ ভিত্তিত এই খবৰ পোৱাৰ পিছতে আৰক্ষীৰ দুটা দল সাজু কৰা হয়। শিলচৰ সদৰ আৰু উদাৰবন্দ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নেতৃত্বত দুটা পৃথক দল গঠন কৰি অভিযান চলোৱা হয়।
শিলচৰ চহৰৰ বিলপাৰত থকা এটা গোডামৰ সন্মুখত অভিযান চলাই আৰক্ষীয়ে AS-01-SC-5017 নম্বৰৰ এখন গাড়ীত তালাচী চলায়। তালাচী অভিযানত বুজন পৰিমাণৰ কফ ছিৰাপ মজুত থকা এখন ট্ৰাক জব্দ কৰে। জব্দকৃত ট্ৰাকখনৰ পৰা মুঠ ৭,২০০ বটল কফ ছিৰাপ জব্দ কৰে
জানিব পৰা মতে, ক’ডেইন ব্ৰেণ্ডৰ এই কফ ছিৰাপখিনি বহি:ৰাজ্যলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল সৰবৰাহকাৰীয়ে। কফ ছিৰাপৰ সৈতে আৰক্ষীয়ে শিলচৰ থানা এলেকাৰ শ্ৰীকোণাৰ বিন্দুলা দাস নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে
ঘটনা সংক্ৰান্তত আজিজুল হক বৰভূঞা নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে।
জব্দ কৰা কফ ছিৰাপখিনিৰ মূল্য প্ৰায় ১ কোটি টকা বুলি সদৰী কৰিছে আৰক্ষী বিষয়া গৰাকীয়ে। এই সংক্ৰান্তত শিলচৰ আৰু উদাৰবন্দ থানাত দুটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।
- Log in to post comments