উদ্ধাৰ ব্ৰক্ষ্মপুত্ৰত বুকুত নিখোজ হোৱা এজন ছাত্ৰৰ মৃতদেহ;বৰ্তমানেও সন্ধানহীন আন এজন ছাত্ৰ

guwahati news


আমিনগাঁৱত শৰাইঘাট দলঙৰ তলত ব্ৰক্ষ্মপুত্ৰত বুকুত নিখোজ হোৱা এজন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ।

সোমবাৰে নৈত গা ধুবলৈ আহি ব্ৰক্ষ্মপুত্ৰৰ বুকুত নিখোজ হৈছিল দুজন ছাত্ৰ।

উদ্ধাৰ হৈছে উত্তৰ গুৱাহাটী মহাবিদ্যালয়ৰ ছাত্ৰ ৰাজশেষৰ পাল(১৮) নামৰ ছাত্ৰজন

এতিয়াও সন্ধানহীন আন এজন ছাত্ৰ অনুজ যাদৱ(১৫)

বৰ্তমানেও নিখোজ হৈ থকা অনুজ যাদৱ হৈছে আমিনগাঁৱ বেঙ্গলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ।

পুৱাই মৃতদেহটো ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

লগে লগে মৃতদেহটো পাৰলৈ উঠাই আনে স্থানীয় ৰাইজে।

নিখোজ হৈ থকা আনজন ছাত্ৰৰ সন্ধানত NDRF বাহিনীয়ে পুনৰ আৰম্ভ কৰিছে অভিযান।

Category