আম আদমী পাৰ্টীলৈ বাৰ্তা প্ৰেৰণ কি বাৰ্তা প্ৰেৰণ কৰিলে ৰাঘৱ চাড্ডাই?

election

'নিৰৱতা মানেই পৰাজয় নহয়'
'মোৰ কণ্ঠক কিয় ৰোধ কৰা হৈছে?'

বিভিন্ন সময়ত সংসদত ৰাইজৰ অভাৱ-অভিযোগ ৰাঘৱ চাড্ডাই উত্থাপন কৰে। তেনে সময়তে বুধবাৰে ৰাজ্যসভাত দলৰ উপ-দলপতি পদৰ পৰা সাংসদ ৰাঘৱ চাড্ডাক অপসাৰণ কৰি তেওঁৰ ঠাইত সাংসদ অশোক মিট্টালক নিযুক্তি দিয়ে দলটোৱে। তাৰ পিছতেই আজি অৰ্থাত শুক্ৰবাৰে  ৰাঘৱ চাড্ডাই সামাজিক মাধ্যমৰ যোগেদি আম আদমী পাৰ্টীক বহু কেইটা প্ৰশ্ন কৰে। 

ৰাঘৱ চাড্ডাই কয় যে, '' 'মোৰ কণ্ঠক কিয় ৰোধ কৰা হৈছে?' 'নিৰৱতা মানেই পৰাজয় নহয়'।  

মই যেতিয়া সংসদত কথা কবলৈ সুযোগ পাঁও, তেতিয়া মই জনসাধাৰণৰ হকে প্ৰশ্ন উত্থাপন কৰো, জনসাধাৰণৰ হকে প্ৰশ্ন কৰাতো মোৰ অপৰাধ নেকি? 
মই কিবা ভুল কৰিলো নেকি? 


উল্লেখযোগ্য যে, সাম্প্ৰতিক সময়ত দলৰ ইছ্যুৰ পৰা কিছু আঁতৰি আছিল চাড্ডা। ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত আপৰ পৰাজয়ৰ পিছৰে পৰা তেওঁ জনস্বাৰ্থ সংক্ৰান্তীয় বিষয়- যেনে প্ৰদূষণ, বিমান ভাড়া বৃদ্ধি, গিগ কৰ্মচাৰীসকলৰ অধিকাৰ আদিক লৈ সৰৱ হৈ পৰিছিল।
দলৰ ফালৰ পৰা ৰাজ্যসভা সচিবালয়লৈ এক পত্ৰ লিখি এই সিদ্ধান্তৰ কথা জনোৱা হৈছে।আনকি, চাড্ডাক সংসদত বক্তব্য ৰখাৰ সময় নিদিয়াৰ বাবেও আবেদন জোৱা হৈছে পত্ৰত।
এই সিদ্ধান্তৰ কেইটামান ঘণ্টাৰ ভিতৰতে ৰাঘৱ চাড্ডাই এটা তিনি মিনিটৰ ভিডিঅ’ ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিছে। তাত সংসদত তেওঁৰ বিভিন্ন বক্তব্য আৰু জনস্বাৰ্থমূলক বিষয় তুলি ধৰাৰ মুহূৰ্তবোৰ দেখা গৈছে। কিন্তু ভিডি’ৰ সৈতে কোনো কেপচন নিদি তেওঁ কেৱল এটা ‘নজৰ’ ইম’জী ব্যৱহাৰ কৰে, যিটো বহুতেই ‘অশুভ শক্তিৰ পৰা ৰক্ষা’ কৰাৰ প্ৰতীক হিচাপে ধাৰণা কৰে।

Category