"অবৈধ বিদেশী অনুপ্ৰৱেশকাৰীক বিজেপি চৰকাৰে দেশৰ পৰা বাহিৰ কৰি দিব"-গৃহমন্ত্ৰী অমিত শ্বাহ

amit shah assam visit

দুধনৈত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নিৰ্বাচনী সভা।

দুধনৈ বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী টংকেশ্বৰ ৰাভাৰ হৈ নিৰ্বাচনী প্ৰচাৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ।

নিৰ্বাচনী সভাত ভাষণ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয়, ‘অবৈধ বিদেশী অনুপ্ৰৱেশকাৰীক বিজেপি চৰকাৰে দেশৰ পৰা বাহিৰ কৰি দিব।

লগতে গৃহমন্ত্ৰীগৰাকীয়ে কয়,"কংগ্ৰেছে অসমক অশান্ত কৰি ৰাখিছিল।১০ হাজাৰ লোকক অস্ত্ৰ ত্যাগ কৰাই মূলসুতিলৈ ঘূৰাই আনিলে বিজেপিয়ে।আগন্তুক পাঁচ বছৰতো বিজেপি জয়ী হ’লে কোনো হিংসাত্মক ঘটনা সংঘটিত নহয়।"।কংগ্ৰেছে অসমৰ সংস্কৃতিৰ বাবে কোনো কাম কৰা নাছিল।কিন্তু বিজেপিয়ে অসমৰ সংস্কৃতিক বিশ্বদৰবাৰলৈ নিব বিচাৰে।

ভাষণত গৃহমন্ত্ৰীগৰাকীয়ে লগতে উল্লেখ কৰে, প্ৰতিগৰাকী মহিলাক প্ৰতিমাহে ৩ হাজাৰ টকাকৈ দিব বিজেপি চৰকাৰে। সেয়েহে এটাও ভোট যেন হাতৰ চিহ্নত নিদিয়ে আপোনালোকে’।

Category