কাকপথাৰত ভয়ংকৰ অগ্নিকাণ্ডত নিঠৰুৱা হ’ল এটা দৰিদ্ৰ পৰিয়াল ৷
কাকপথাৰ ১ নং তেজী গাঁৱত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা৷
সুৰুজ দহোটীয়া আৰু পৰিস্মিতা মৰাণ দহোটীয়াৰ বাসগৃহতো জুইৰ ফলত সম্পূৰ্ণৰূপে ভষ্মিভূত হয় ৷
জানিব পৰা মতে আজি দিনৰ প্ৰায় ১১:৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনাটো৷
জুইৰ সূত্ৰপাতৰ কাৰণ বৰ্তমানলৈ জানিব পৰা নাই।
ঘটনাৰ সময়ত বাসগৃহত নাছিল কোনো লোক।।
অগ্নিকাণ্ডৰ ফলত নথিপত্ৰ, নগদ ধন, অলংকাৰ, কাপোৰকে আদি কৰি ঘৰৰ সকলো সামগ্ৰী জুইত জাহ যায় ৷
কেইবালক্ষাধিক টকাৰ সামগ্ৰী জুইত জাহ যায় ৷
দিশহাৰা পৰিয়ালটোৱে সহায়ৰ বাবে স্থানীয় বিধায়কলৈ আহ্বান জনাইছে।
গাঁৱৰ ৰাইজেও দূৰ্ভগীয়া পৰিয়ালটোক সহায় কৰিবলৈ জনাইছে আহ্বান।
- Log in to post comments