ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি।শুকুৰবাৰে এই কথা নিশ্চিত কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে আনুষ্ঠানিক বিবৃতিত উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ৪-৫ ডিচেম্বৰলৈ ২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ বাবে ভাৰত ভ্ৰমণ কৰিব।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে লগতে কয়, পুটিনৰ এই ভ্ৰমণে ভাৰত আৰু ৰাছিয়াৰ নেতৃত্বক দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ সুযোগ প্ৰদান কৰিব । লগতে ‘বিশেষ আৰু বিশেষাধিকাৰপ্ৰাপ্ত কৌশলগত অংশীদাৰিত্ব’ শক্তিশালী কৰাৰ দৃষ্টিভংগী নিৰ্ধাৰণ কৰিব আৰু পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰ ওপৰত মতামত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিব ।
- Log in to post comments