“আমি অসম খন নেপাল অথবা বাংলাদেশ হ’বলৈ নিদিওঁ। অসমত শিক্ষিত যুৱকযুৱতী থাকিলে নেপাল অথবা বাংলাদেশ কেতিয়াও নহয়”

himanta biswa sarma

শিক্ষা বিভাগত বৃহৎ নিযুক্তি ৰাজ্য চৰকাৰৰ। খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত বুধবাৰে ৮ হাজাৰো অধিক প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হয়। নিয়ুক্তি প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘বহুদিনৰ তপস্যাৰ মূৰত এক লক্ষ্যত উপনীত হৈছোঁ। এটকাও নিদিয়াকৈ চাকৰি এটা পালে এয়া এক প্ৰাপ্তি। আমি এতিয়াও লক্ষ্যত উপনীত হোৱাৰ কথা ভাবিব নালাগে, আমাৰ নতুন নতুন লক্ষ্য আগত ৰাখি আগবাঢ়ি যাব লাগিব’’ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, প্ৰতিটো টেট পৰীক্ষাত নিম্ন, মধ্য বিত্ত ল’ৰা-ছোৱালীয়ে চাকৰি লাভ কৰিছে। ২১ চনত আৰক্ষীৰ পৰা আৰম্ভ কৰি শিক্ষকলৈ, স্বচ্চতা অনাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া হৈছে। বিধানসভাত মোক সমালোচনা কৰিছিল এক লাখ নিযুক্তিলৈ। এতিয়া এক লাখৰো অধিক নিযুক্তি হ’ল। এতিয়ালৈ ১ লাখ ৩৪ হাজাৰ নিযুক্তি হ’ল। ক’তো এটা ঘটনা নাই, নিযুক্তিক লৈ কোনো দুৰ্নীতি নাই। প্ৰত্যেকটো নিযুক্তি আমি মুকলি আকাশৰ তলত দিছোঁ। মুখ্যমন্ত্ৰীয়ে কয়,অসমখন নেপাল অথবা বাংলাদেশ কৰিবলৈ চেষ্টা কৰে। আমি অসম খন নেপাল অথবা বাংলাদেশ হ’বলৈ নিদিওঁ। অসমত শিক্ষিত যুৱক যুৱতী থাকিলে নেপাল অথবা বাংলাদেশ কেতিয়াও নহয়। হিমন্ত বিশ্ব শৰ্মাই লগতে উল্লেখ কৰে, অহা বাৰ আমি দুই লাখ চাকৰি দিম। ডিচেম্বৰত পুনৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হ’ব। প্ৰথমবাৰৰ বাবে এইবাৰ গণিতৰ শিক্ষক নিযুক্তি দিয়া হৈছে। আগতে কেতিয়াও গণিত শিক্ষকক নিযুক্তি দিয়া নাছিলো। আগতে বিজ্ঞান শিক্ষকক নিযুক্তি প্ৰদান কৰা হৈছিল। অহা বছৰ আৰু গণিতৰ শিক্ষকক পদ সৃষ্টি কৰা হ’ব।

Category