বুধবাৰে বিয়লি অসম প্ৰকাশন ভাৰতীৰ সভাগৃহত পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সংবাদ মেল এখন অনুষ্ঠিত হৈ যায়। উক্ত সংবাদ মেলখনিত উপস্থিত থাকে বিদ্যা ভাৰতীৰ অখিল ভাৰতীয় মন্ত্ৰী তথা জনজাতি শিক্ষাৰ প্ৰভাৰী ব্ৰহ্মাজী ৰাও, পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ সভাপতি শ্ৰী বসন্ত আগৰৱাল আৰু সম্পাদক ড০ অভিজিত পায়েং। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় সমাজৰ মাজত শিক্ষাৰ কাৰ্যত ব্ৰতী পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিয়ে উত্তৰ পূৰ্বাঞ্চলত শিক্ষা আৰু সামাজিক ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱা ব্য়ক্তিক যোৱা ২০০৭ চনৰ পৰা প্ৰতি বছৰে কৃষ্ণচন্দ্ৰ গান্ধী বঁটা প্ৰদান কৰি আহিছে। এই বঁটা প্ৰদানৰ উদ্দেশ্য হৈছে জনজাতীয় অঞ্চলত শিক্ষা বিস্তাৰৰ দিশটোৰ প্ৰতি জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰা আৰু দুৰ্গম বা পাছপৰা অঞ্চলত কাম কৰি থকা স্বেচ্ছাসেৱক, সমাজ সংগঠক আৰু সামাজিক সংগঠনক অনুপ্ৰাণিত কৰা। জনজাতীয় অঞ্চলৰ শিক্ষা বিস্তাৰ তথা আৰ্থ-সামাজিক উন্নয়নৰ বাবে উল্লেখনীয় অৱদান আগবঢ়োৱা কোকৰাঝাৰ অঞ্চলৰ এক উল্লেখযোগ্য সামাজিক সংস্থা গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টক এই বৰ্ষৰ কৃষ্ণচন্দ্ৰ গান্ধী বঁটাৰ বাবে মনোনীত কৰা হৈছে। এই বছৰ (২০২৫ বৰ্ষৰ) বঁটা প্ৰদান অনুষ্ঠানটি অহা ইং ১৫ নবেম্বৰ ২০২৫ তাৰিখে কোকৰাঝাৰত অনুষ্ঠিত হ’ব। উল্লেখযোগ্য যে উক্ত বঁটা প্ৰদান অনুষ্ঠানতে জনজাতি গৌৰৱ দিৱস কাৰ্যসূচীও ৰূপায়ণ কৰা হ’ব। এই উপলক্ষে পূৰ্বোত্তৰ জনজাতি শিক্ষা সমিতিৰ এক উপ সমিতি কৃষ্ণচন্দ্ৰ গান্ধী ফাউণ্ডেচনৰ তৰফৰ পৰা জনজাতি সমাজত শিক্ষা প্ৰচাৰত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰা পাঁচগৰাকী ব্যক্তিক জনজাতি গৌৰৱ সন্মান বঁটা প্ৰদান কাৰ্যসূচীও ৰখা হৈছে।
- Log in to post comments