পাকিস্তানৰ ভয়ংকৰ বিস্ফোৰণ;নিহত ৬গৰাকী,আহত ১২গৰাকী

Six killed in blast outside Islamabad court in Pakistan

পাকিস্তানৰ ৰাজধানী ইছলামবাদত ভয়ংকৰ বিস্ফোৰণ।

মঙলবাৰে ইছলামবাদ উচ্চ ন্যায়ালয়ৰ সমীপত সংঘটিত হয় এই বিস্ফোৰণৰ ঘটনাটো।

জানিব পৰা মতে, আদালতৰ বাহিৰত ৰখাই থোৱা এখন বাহনত সংঘটিত হয় এই বিস্ফোৰণ। বিস্ফোৰণৰ ফলত নিহত ৬গৰাকীকৈ লোক। আহত ১২গৰাকী।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, মঙলবাৰে দিনৰ প্ৰায় ১২:৩০ বজাত ক’ৰ্ট কমপ্লেক্স পাৰ্কিং এলেকাত ৰখাই থোৱা এখন গাড়ীত চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত এই বিস্ফোৰণ সংঘটিত হয়। বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে চাৰিওফালৰ অঞ্চলত শব্দ শুনা গৈছিল, যাৰ ফলত আতংকৰ সৃষ্টি হৈছিল। এই বিস্ফোৰণত কেইবাজনো অধিবক্তা আৰু সাধাৰণ নাগৰিক আহত হোৱা বুলি জানিব পৰা গৈছে।

আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত লৈ যোৱা হয়।

Category