‘নিযুত মইনা’ আঁচনিৰ প্ৰ-পত্ৰৰ নামত ধন সংগ্ৰহৰ অভিযোগ একাংশ বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে।।নগাঁও জিলাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনাটো।।নগাঁও চহৰৰ ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ এগৰাকী কৰ্মচাৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে।এই অভিযোগ।
অভিযোগৰ ভিত্তিত সোমবাৰে নগাঁও জিলা আয়ুক্তই বিদ্যালয়খনত উপস্থিত হৈ তদন্ত চলায়। আয়ুক্তগৰাকীয়ে এই সন্দৰ্ভত বিদ্যালয়খনৰ ছাত্ৰীসকলৰ পৰা সাক্ষ্য গ্ৰহণ কৰে। ।
এই সন্দৰ্ভত নগাঁও জিলা আয়ুক্ত দেৱাশিস শৰ্মাই সংবাদ মাধ্যমৰ আগত কয় যে, “অকল ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয় বা নগাঁও চহৰতেই নহয়, জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত ‘নিযুত মইনা’ আঁচনিৰ প্ৰ-পত্ৰ দিয়া আৰু গ্ৰহণ কৰাৰ সময়ত ৫০০ টকাকৈ সংগ্ৰহ কৰাৰ অভিযোগ আছে। আমি এই অভিযোগ গুৰুত্বসহকাৰে লৈ আজি আকস্মিকভাৱে ডচন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ গৈ তদন্ত কৰাত বিষয়টো পোহৰলৈ আহে। প্ৰথমতে তেওঁলোকে এই বিষয়টো নস্যাৎ কৰে যদিও বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ধন লোৱাৰ বিষয়টো মুকলিকৈ ব্যক্ত কৰে।
আয়ুক্তগৰাকীয়ে এই নিকৃষ্ট কাণ্ডক গৰিহণা দি এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। লগতে তেওঁ এনে ধৰণৰ কাৰ্যকলাপ নগাঁও জিলাত কোনো কাৰণতে গ্ৰহণ নকাৰে আৰু ইয়াৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।
- Log in to post comments