‘‘২০ দিন... মই সঁচাই আছো নে জীয়াই?’’ গৰিমা শইকীয়া গাৰ্গৰ।আবেগিক প’ষ্ট।

Zubeen Garg

আমাৰ সকলোৰে প্ৰাণৰ শিল্পীগৰাকীৰ অবিহনে ২০দিন পাৰ হ’ল। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু যেন এতিয়াও কোনোৱেই মানি ল’ব পৰা নাই । শিল্পীগৰাকীৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছত প্ৰতিগৰাকী ব্যক্তি ম্ৰিয়মান হৈ আছে শোকত। কিন্তু কায়িকভাৱে জুবিন গাৰ্গ নোহোৱা হ’লেও প্ৰতিগৰাকী অসমীয়া বুকুৱে-বুকুৱে আছে জুবিন গাৰ্গ।

পুনৰ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰিলে পত্নী গৰিমা শইকীয়া গাৰ্গৰ আবেগিক প’ষ্ট।

গৰিমা শইকীয়া গাৰ্গে পুনৰ সামাজিক মাধ্যমত লিখিলে ‘‘২০ দিন… মই সঁচাই আছো নে জীয়াই?’’

ইফালে সোমবাৰে নিশা জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে ছ’চিয়েল মিডিয়াত লিখিছিল যে ‘‘The last one for this life… But we will be together again,,very soon Goldie! কিন্তু এতিয়া, অতি শীঘ্ৰেই মই/ আমি সকলোৱে জানিব লাগিব তুমি কায়িক ভাবে নোহোৱা হৈ যোৱাৰ কাৰণ। কিয়? এতিয়া এটা ডাঙৰ প্ৰশ্ন! এই প্ৰশ্নই দিন ৰাতি জ্বলাই ৰাখিছে মোৰ শূন্য বুকু। মোক উত্তৰ লাগে…#JusticeForZubeenGarg’’

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে স্বামীৰ মৃত্যুৰ ন্যায় বিচাৰিছে। ছিংগাপুৰত জুবিন সৈতে কি হৈছে সেয়া জানিব বিচাৰিছে বুলি বাৰে বাৰে মন্তব্য কৰি আছে…।

Category