জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ

Zubeen Garg Death Case

জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ। জুবিন গাৰ্গৰ মৃত্যুৰ ২০দিন পিছত CIDএ গ্ৰেপ্তাৰ কৰে সন্দীপন গাৰ্গক। জুবিন মৃত্যু সন্দৰ্ভত আজি গ্ৰেপ্তাৰ কৰি ৭ দিনৰ CID জিম্মালৈ প্ৰেৰণ কৰে সন্দীপনক৷

DSP চাকৰিৰ পৰা নিলম্বন হ’ব জুবিন ভাতৃ সন্দীপন গাৰ্গ! গ্ৰেপ্তাৰৰ পৰা ৪৮ ঘণ্টা অতিক্ৰম কৰিলেই জাৰি হ’ব নিলম্বনৰ নিৰ্দেশনা!

উল্লেখ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ সময় য়টত আছিল সন্দীপন গাৰ্গ। জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰত হোৱা প্ৰতিমূহৰ্তৰ সাক্ষী আছিল সন্দীপন গাৰ্গ। জুবিন গাৰ্গৰ মৃত্যুৰে নাম সাঙোৰ খোৱা ৫ অভিযুক্তক এতিয়ালৈকে গ্ৰেপ্তাক কৰিছে CIDএ। পূৰ্বে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, অমৃতপ্ৰভা মহন্ত আৰু শেখৰ গোস্বামীক গ্ৰেপ্তাৰ কৰিছিল CIDএ।

Category