অৱশেষত আজি CID কাৰ্যালয়ত হাজিৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা

Zubeen Garg Death Case

অৱশেষত আজি CID কাৰ্যালয়ত হাজিৰ প্ৰৱাসী অসমীয়া ৰূপকমল কলিতা। বিমান বন্দৰৰ পৰা পোনে-পোনে লৈ অনা হৈছে CID কাৰ্যালয়লৈ। আৰক্ষীৰ বেষ্টনিৰ মাজৰে লৈ অনা হ’ল ছিংগাপুৰৰ প্ৰবাসী অসমীয়াজনক।

জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত য়টত উপস্থিত আছিল প্ৰবাসী অসমীয়া ৰূপকমল কলিতা। এইজন ৰূপকমল কলিতাই জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ সময়চোৱাত চাক্ষুস প্ৰমাণ আছিল। গতিকে তেখেতৰ ভাষ্য অতি গুৰুত্বপূৰ্ণ হ’ব। কাৰণ ইতিমধ্যে সোমবাৰৰ দিনটোলৈ সময়সীমা দিয়া হৈছিল কিন্তু আজিৰ দিনটোত অৱশেষত তেওঁ উপস্থিত হয়।জুবিন গাৰ্গৰ মৃত্যুৰ ১৯ দিন পিছত CIDৰ SIT কাৰ্যালয়ত উপস্থিত হয় ৰূপকমল কলিতা।

তদন্ত প্ৰক্ৰিয়াটোৱে এক নতুন গতি লাভ কৰাৰ সম্ভাৱনা আছে ,কাৰণ জুবিন গাৰ্গ য়টত থকাৰ সময়ৰ ভাইৰেল হোৱা ভিডিঅ’ ত হাতত সুৰাৰ বটল লৈ সন্মুখত থকা ব্যক্তিজনে হৈছে ৰূপকমল কলিতা।

উল্লেখ্য যে, সোমবাৰে মুখ্যমন্ত্ৰীয়ে সংবাদমেলত প্ৰৱাসী অসমীয়াজন অসমত উপস্থিত হোৱাৰ কথা জনাইছিল। তেখেতে সংবাদ মাধ্যমক জনাইছিল যে তেখেত ছিংগাপুৰ আৰক্ষীয়ে কৰা তদন্তত সহযোগ কৰি আছে গতিকে তেওঁ অসমলৈ অহাত কিছু পলম হ’ব।

Category