
শাৰদীয় দুর্গোৎসৱ । দুর্গোৎসৱলৈ মাত্ৰ এটা কেইটামান দিন। দুর্গোৎসৱ বাবে প্ৰস্তুতি সমগ্ৰ ৰাজ্যত। তাৰ মাজতে আহিছে নতুন নিৰ্দেশনা । ৰাজ্যৰ পূজাসমূহ যাতে সুকলমে অনুষ্ঠিত হয় তাৰ বাবে নিৰ্দেশনা জাৰি। দুৰ্গা পূজা সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসন, আৰক্ষী আৰু দুৰ্গাপূজা সমিতিৰ বৈঠক। বৈঠকত উপস্থিত থাকে যুটীয়া আৰক্ষী আয়ুক্ত অংকুৰ জৈন। বৈঠকৰ পিছতে আৰক্ষীৰ তৰফৰ পৰা পূজাক লৈ SOP জাৰি কৰা হৈছে। SOP অনুসৰি… CCTV লগাব লাগিব প্ৰতিখন পূজা কমিটীয়ে। নিশালৈকে পূজাথলীত থাকিব লাগিব স্বেচ্ছাসেৱক। স্বেচ্ছাসেৱক সকলকৰ তালিকা আৰক্ষীক দিব লাগিব পূজা কমিটীয়ে। SOP অনুসৰি প্ৰতিগৰাকী ভক্তৰ নিৰাপত্তাৰ ওপৰত গুৰুত্ব দিব লাগিব পূজা কমিটীয়ে। পূজাথলীত থাকিব Help Desk আৰু Medical Desk থাকিব লাগিব। VIP সকল পূজালৈ আহিলে পূৰ্বেই আৰক্ষীক জনাব লাগিব। ট্ৰেফিক নিয়ন্ত্ৰণ কৰাত পূজা কমিটী সকলে গুৰুত্ব দিব লাগিব। মদ্যপান কৰি পূজা মণ্ডপত যাব নোৱাৰিব। ভক্ত সকলৰ বাবে বিনামূলীয়া কৈ পানী যোগান দিব লাগিব। শব্দ প্ৰদূষণ কৰিব নোৱাৰিব।
- Log in to post comments