
পাইলছ এক অতি জটিল শাৰীৰিক সমস্যা। আজিকালি এই ৰোগ প্ৰায় মানুহৰ হোৱা দেখা যায়।যিকোনো বয়সৰ লোকে এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়।এই ৰোগ হোৱাৰ বহুতো কাৰণ আছে সাধাৰণতে আমাৰ জীৱনশৈলী ইয়াৰ বাবে দায়ী ।
এই ৰোগত, মলদ্বাৰৰ পৰা সৰু মাংসৰ পিণ্ড ওলাই আহে যাৰ ফলত মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ হয় , ৰোগীয়ে তীব্ৰ বিষ আৰু কষ্ট সহ্য কৰিব লগা হয়। হেমোৰইড হৈছে বংশানুক্ৰমিক ৰোগ, যদি পৰিয়ালৰ কাৰোবাৰ হেমোৰইড থাকে, আনসকলৰ এই ৰোগ হোৱাৰ আশংকা বাকীবোৰতকৈ বেছি হয়। যিসকল লোকৰ অধিক ওজন বৃদ্ধি হয় তেনেলোকৰ ক্ষেত্ৰতো এই সমস্যাটো সচৰাচৰ অধিক হয়(Piles problems)।
যদি আপুনি পাইলছৰ সমস্যাত অসুবিধা পাইছে, তেন্তে আপুনি আপোনাৰ খাদ্যাভ্যাস শুধৰোৱা উচিত। আজি বৃহৎ সংখ্যক লোক পাইলৰ সমস্যাত অশান্তি পাইছে।
খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ অৱনতি ঘটা ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ। আমাৰ দেশতেই পাইলছ ৰোগীৰ সংখ্যা প্ৰায় এক কোটি। এই ৰোগৰ কথা ক’বলৈ গ’লে ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল কোষ্ঠকাঠিন্য, যাৰ বাবে পৃথিৱীৰ প্ৰায় ১৫ শতাংশ লোক অশান্তিত ভুগিছে। কোষ্ঠকাঠিন্যৰ বাবে পাইল, ফিচাৰ আৰু ফিষ্টুলা আদি সমস্যা বাঢ়িছে(Can Piles Problem Increase )।
পাইলছ কি
ফুলি উঠা ৰক্তবাহী নলীক পাইলছ বোলে। এই ৰোগত মলদ্বাৰৰ সিৰাবোৰ ফুলিবলৈ আৰম্ভ কৰে, যাৰ ফলত মলদ্বাৰৰ ভিতৰ বা বাহিৰৰ অংশত উফি গঠন হ’বলৈ আৰম্ভ কৰে। বহু সময়ত মল পাছৰ বাবে উফি ওলাই আহিবলৈ আৰম্ভ কৰে। বেয়া খাদ্যত ভজা আৰু প্ৰচেছড খাদ্য, টেঙা খাদ্য, মদ, দুগ্ধজাত সামগ্ৰী, শোধিত শস্য আৰু অত্যধিক নিমখ সেৱনৰ ফলত পাইলৰ সমস্যা বাঢ়ি যায়।
আপুনি ইয়াৰ পৰা পৰিত্ৰাণ পাব বাবে কিছুমান ঘৰুৱা উপায় প্ৰয়োগ কৰিব পাৰে।
আপুনি পাইলছৰ পৰা পৰিত্ৰাণ পাবলৈ বৰফ ব্যৱহাৰ কৰিব পাৰে।বৰফে তেজ চলাচল সুচল কৰি ৰাখে আৰু বিষ উপশম কৰাত সহায় কৰে।বৰফৰ টুকুৰা কাপোৰ এখনত মেৰিয়াই ঘা হোৱা ঠাইত ১০ মিনিট ৰাখিব লাগে।এদিনত কেইবাবাৰো ব্যৱহাৰ কৰিলে সুফল পাব।
ঘাঁ হোৱা ঠাইত আপেল চাইডাৰ ভিনেগাৰৰ প্ৰয়োগ কৰিব পাৰে।আৰম্ভণিতে কিছু জ্বলা- পোৰা কৰিব কিন্তু পিছত কমি যাব।এই পদ্ধতিটো দিনটোত কেইবাবাৰো কৰিব পাৰে।আপুনি এচামুচ আপেল চাইডাৰ ভিনেগাৰ এগিলাচ পানীত মিহলাই দিনে দুবাৰকৈ খালে ইয়াৰ পৰা পৰিত্ৰাণ পাব।
পাইলছৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি জামু খাব পাৰে।জামুত ভিটামিন আৰু এন্টিঅক্সিডেন্ট থাকে ।যিয়ে আমাৰ শৰীৰক সুস্থ কৰি ৰাখে।ইয়াত থকা এন্টিঅক্সিডেন্টে পাইলছৰ সমস্যা হ্ৰাস কৰে।গতিকে পাইলছ থকা ৰোগীয়ে দিনটোত ২ৰ পৰা ৩ জামু খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব।
শৰীৰত পানীৰ অভাৱ পাইলছৰ অন্য এটা কাৰণ ।আপুনি দিনে কমেও দুবাৰকৈ আদা,নেমু আৰু মৌৰ ৰস খাব লাগে।এই মিশ্ৰণটো নিয়মিতভাৱে খালে আপুনি পাইলছক নিয়ন্ত্ৰণ কৰিব পাৰিব।আপুনি দিনত কমেও ২-৩ লিটাৰ পানী খোৱাটো আপোনাৰ বাবে যথেষ্ট উপৰাকী।
আপুনি আপোনাৰ খাদ্যৰ লগত অলিভ অইল ব্যৱহাৰ কৰিব পাৰে।ই আমাৰ শৰীৰত প্ৰদাহ ক্ষিপ্ৰতাৰে হ্ৰাস কৰাত সহায় কৰে।
- Log in to post comments