দুৰ্বৃত্তই জ্বলাই দিলে বিলাসী ইন’ভা বাহন

North Guwahati Fire

উত্তৰ গুৱাহাটী ঘোৰামাৰা কদমতলত ভয়ংকৰ কাণ্ড।

জন্মাষ্টমীৰ নিশা নিজ ঘৰৰ সন্মুখত দুৰ্বৃত্তই জ্বলাই দিলে বিলাসী ইন’ভা বাহন।

উত্তৰ গুৱাহাটীৰ বিশিষ্ট শিক্ষাবিদ, শিল্পী চন্দ্ৰ কান্ত দাসৰ ঘৰৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা ।

শিল্পী গৰাকীৰ চকুৰ সন্মুখতে দপদপকৈ জ্বলি ভস্মীভূত হ’ল বিলাসী বাহনখন।

অগ্নি নিৰ্বাপনৰ লোক ঘটনাস্থলীত উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও বাহন খন ইতিমধ্যে সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

উচ্চ ক্ষমতা সম্পন্ন বৈদ্যুতিক তাৰৰ তলতে সংঘটিত হৈছিল এই ঘটনা।

সৌভাগ্যক্ৰমে ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰে এটা বৃহৎ অঞ্চল ।

ঘটনা সম্পৰ্কে উত্তৰ গুৱাহাটী আৰক্ষীয়ে ক্ষীপ্ৰ তদন্ত আৰম্ভ কৰিছে ।

Category