GST কমিব! কিছু সকাহৰ দিশে সাধাৰণ জনতা...

GST

টাৰ্ম লাইফ, ULIP বা এনড’মেন্ট পলিচি আৰু RE-INSURANCE নিৰ্বিশেষে সকলো ব্যক্তিগত জীৱন বীমা পলিচিৰ ক্ষেত্ৰত জিএছটি ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। ফলশ্ৰুতিত সাধাৰণ লোকৰ বাবে বীমা সুলভ হৈ পৰিব আৰু দেশত বীমাৰ ক’ভাৰেজ বৃদ্ধি পাব ,,,। সকলো ব্যক্তিগত স্বাস্থ্য বীমা পলিচি (ফেমিলি ফ্ল’টাৰ পলিচি আৰু জ্যেষ্ঠ নাগৰিকৰ পলিচিকে ধৰি) আৰু ৰিইঞ্চুৰেন্সৰ ক্ষেত্ৰত জিএছটি ৰেহাইৰ ব্যৱস্থা কৰা হৈছে। ফলশ্ৰুতিত সাধাৰণ লোকৰ বাবে বীমা সুলভ হৈ পৰিব আৰু দেশত বীমাৰ ক’ভাৰেজ বৃদ্ধি পাব।

জিএছটি ১৮% ,১২%-ৰ পৰা ৫%-লৈ হ্ৰাস পোৱা নিত্য-ব্যৱহাৰ্য্য সামগ্ৰী
চুলিত ঘঁহা তেল, টয়লেটৰ ছপ বাৰ, চেম্পু, টুথব্ৰাছ, টুথপেষ্ট, চাইকেল, টেবুলৱেৰ, কিটচেন ৱেৰ, আন-আন ঘৰুৱা সামগ্ৰী

জিএছটি ৫%-ৰ পৰা শূন্য হোৱা সামগ্ৰীসমূহ
আল্ট্ৰা-হাই টেম্পেৰেচাৰ (UHT) গাখীৰ, প্ৰিপেকেজড আৰু লেবেলযুক্ত চানা বা পনীৰ; সকলো ইণ্ডিয়ান ব্ৰেড (চাপাটি বা ৰুটি, পৰঠা )।

জিএছটি ১২% বা ১৮%-ৰ পৰা ৫%লৈ হ্ৰাস পোৱা সামগ্ৰী
PACATE নমকিন, ভুজিয়া, চচ, পাস্তা, INSTANT নুডলছ, চকলেট, কফি, প্ৰিজাৰ্ভড মিট, কৰ্ণফ্লেক, বাটাৰ, ঘিউ আদি প্ৰায় সকলো খাদ্য সামগ্ৰী। 

জিএছটি ২৮%-ৰ পৰা ১৮%-লৈ হ্ৰাস পোৱা সামগ্ৰী
এয়াৰ-কণ্ডিচনাৰ মেচিন, টিভি~৩২ ইঞ্চি (এতিয়া সকলো টিভিত ১৮%), DISHWASHING মেচিন, সৰু গাড়ী, ৩৫০ চিচি বা তাতকৈ কম মটৰ চাইকেল।

জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস পোৱা সামগ্ৰী
ট্ৰেক্টৰ, কৃষি, উদ্যানশস্য বা ফৰেষ্ট্ৰী যন্ত্ৰপাতি, মাটি চহোৱা বা কৃষিকাৰ্য্যত ব্যৱহৃত, চপোৱা বা মৰণা মৰা যন্ত্ৰ, ঘাঁহ কটা যন্ত্ৰ, পচন সাৰ যন্ত্ৰ আদিকে প্ৰমুখ্য কৰি কৃষিত ব্যৱহৃত সামগ্ৰী।

জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস পোৱা সামগ্ৰীসমূহ
হস্তশিল্প, মাৰ্বল আৰু ট্ৰেভাৰটাইন ব্লক, গ্ৰেনাইট ব্লক আৰু চামৰাৰ সামগ্ৰী আদি শ্ৰমিক জড়িত সামগ্ৰী।

চিকিতসাৰ সৈতে জৰিত সামগ্ৰীৰ হ্ৰাস পালে দাম
কি কি সামগ্ৰীৰ কমিল দাম
চিমেন্টত জিএছটি ২৮%-ৰ পৰা ১৮%-লৈ হ্ৰাস।
কৰ্কট, বিৰল ৰোগ আৰু আন-আন গুৰুতৰ ক্ৰনিক ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহৃত ৩৩ বিধ জীৱন-দায়িনী ড্ৰাগ আৰু মেডিচিনত
জিএছটি ১২%-ৰ পৰা শূন্যলৈ হ্ৰাস কৰা হৈছে। একেদৰে আন ৩ জীৱন-দায়িনী ড্ৰাগ আৰু মেডিচিনত জিএছটি ৫%-ৰ পৰা শূন্যলৈ হ্ৰাস পাইছে।
বাকী সকলো ড্ৰাগ আৰু মেডিচিনত জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস পাইছে।
মেডিকেল, চাৰ্জিকেল, ডেন্টেল বা পশু চিকিৎসাত ব্যৱহৃত বা ফিজিকেল তথা কেমিকেল বিশ্লেষণত আৱশ্যকীয় ভিন্ন মেডিকেল আহিলা আৰু DEVICEৰ ক্ষেত্ৰত জিএছটি ১৮%-ৰ পৰা ৫%-লৈ হ্ৰাস পাইছে।
ভিন্ন চিকিৎসা সঁজুলি আৰু যোগান ধৰা যন্ত্ৰ যেনেঃ ৱাডিং গজ, বেণ্ডেজ, DIAGONESTIC KIT আৰু ৰিএজেন্ট, ব্লাড গ্লুক’জ মনিটৰিং চিষ্টেম (গ্লুক’মিটাৰ) মেডিকেল ডিভাইচ আদিত জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস পাইছে।


৩৫০ চিচি বা তাতকৈ কমৰ সৰু গাড়ী আৰু মটৰ চাইকেলৰ জিএছটি ২৮%-ৰ পৰা ১৮%-লৈ হ্ৰাস।
বাছ, ট্ৰাক, এম্বুলেন্স আদিৰ জিএছটি ২৮%-ৰ পৰা ১৮%-লৈ হ্ৰাস কৰা হৈছে।
এইচ এছ ক’ড নিৰ্বিশেষে সকলো অট’ পাৰ্টছৰ ক্ষেত্ৰত জিএছটি ১৮%; তিনিচকীয়া বাহনৰ ক্ষেত্ৰত জিএছটি ২৮%-ৰ পৰা ১৮%-লৈ হ্ৰাস কৰা হৈছে।
মানৱসৃষ্ট ফাইবাৰত জিএছটিৰ হাৰ ১৮%-ৰ পৰা ৫% আৰু মানৱসৃষ্ট সূতাত ১২%-ৰ পৰা ৫%-লৈ হ্ৰাসেৰে, মানৱসৃষ্ট বস্ত্ৰ খণ্ডৰ বাবে দীৰ্ঘ-দিনীয়া ইনভাৰ্টেড ডিউটি গাঁথনিৰ সংশোধন কৰা হৈছে।
ছালফিউৰিক এচিড, নাইট্ৰিক এচিড আৰু এমনিয়াৰ ক্ষেত্ৰত জিএছটি ১৮%-ৰ পৰা ৫%-লৈ হ্ৰাসেৰে সাৰ খণ্ডত ইনভাৰ্টেড ডিউটি গাঁথনিৰ সংশোধন কৰা হৈছে। 
নবীকৰণযোগ্য শক্তি আহৰণৰ ডিভাইচ আৰু ইয়াৰ উপাংশৰ ক্ষেত্ৰত জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস কৰা হৈছে।
প্ৰতিদিনে প্ৰতি ইউনিটত ৭,৫০০ টকাতকৈ কম বা সমতুল্য “হোটেলত থকাৰ ব্যৱস্থা” সেৱাৰ জিএছটি ১২%-ৰ পৰা ৫%-লৈ হ্ৰাস কৰা হৈছে।
জিম, চেলুন, নাপিত, যোগ কেন্দ্ৰ আদিৰ সেৱাকে প্ৰমুখ্য কৰি সাধাৰণ লোকে গ্ৰহণ কৰা সৌন্দৰ্য্য আৰু শাৰীৰিক সুস্থতা সেৱাৰ ক্ষেত্ৰত জিএছটি ১৮%-ৰ পৰা ৫%-লৈ হ্ৰাস কৰা হৈছে।
জিএছটি পৰিষদে ছেপ্টেম্বৰৰ পূৰ্বে এই সন্দৰ্ভত আপীল গ্ৰহণৰ বাবে সামগ্ৰী আৰু সেৱা কৰ আপীল ন্যায়াধিকৰণ (GSTAT) কাৰ্য্যকৰীকৰণৰ পৰামৰ্শ জনাইছে আৰু ২০২৫-ৰ ডিচেম্বৰৰ পূৰ্বে শুনানি আৰম্ভৰ পৰামৰ্শ প্ৰদান কৰিছে।
জিএছটি পৰিষদৰ পৰামৰ্শ অনুসৰি ২০২৫-ৰ ২২ ছেপ্টেম্বৰৰ পৰা সেৱাসমূহৰ ক্ষেত্ৰত সংশোধিত জিএছটি হাৰ প্ৰযোজ্য হ’ব।

Category