পিতৃৰ বিয়োগৰ খবৰ পোৱাৰ পিছতো, মঞ্চত হাঁহি হাঁহি অভিনয় এগৰাকী সুদক্ষ অভিনেতাৰ...

actor

এফালে জন্মদাতা পিতৃৰ মৃতদেহ, আনফালে পিতৃৰ বিয়োগত বুকুত প্ৰচণ্ড দুখ সামৰিও মঞ্চত হাঁহি হাঁহি অভিনয় কৰিছে অভিনেতা পুত্ৰই। এফালে পিতৃৰ মৃতদেহৰ কাষত পিতৃলৈ বাট চাইছে আত্মীয়ই, আনফালে এগৰাকী সুদক্ষ অভিনেতাৰ অভিনয় চাবলৈ বাট চাইছে দৰ্শকে।

পিতৃৰ মৃত্যুৰ খবৰ পোৱাৰ পিছতো দৰ্শকক নিৰাশ নকৰি ভ্ৰাম্যমাণৰ মঞ্চত হাঁহি হাঁহি অভিনয় কৰি যোৱা এইগৰাকী অভিনেতা চন্দন ডেকা। পিতৃ প্ৰবীণ চন্দ্ৰ ডেকাৰ মৃত্যুৰ বাতৰি পোৱাৰ পিছতো নাটক, কাহিনীৰ গতিধাৰাত অকণো আঁচোৰ নপৰাকৈ ‘ৰাজলক্ষ্মী’ থিয়েটাৰৰ মঞ্চত এইদৰে অভিনয় কৰি গ’ল চন্দন ডেকাই।

নাট শেষ কৰিহে মঞ্চৰ পৰা পোনে পোনে ঢাপলি মেলিলে পাঠশালাৰ বাসগৃহলৈ। পিতৃৰ শেষকৃত্য সমাপ্ত কৰি পুনৰ মঞ্চলৈ ঘূৰি আহিব চন্দন ডেকা। এয়াই ভ্ৰাম্যমাণৰ আপুনি, মই নেদেখা বাস্তৱ ছবি। এয়াই এজন শিল্পীৰ দায়িত্ববোধ। 

 

Category