যৌনশক্তি বৃদ্ধি কৰে ঢেকীয়া শাকে; আৰু কি কি আছে উপকাৰিতা?....

harbs

ঢেকীয়া শাক আমাৰ সকলোৰে পৰিচিত খাদ্য। ঢেকীয়া (Fiddlehead ferns) এবিধ শাক জাতীয় বনৰীয়া উদ্ভিদ। বিজ্ঞানীসকলৰ মতে পৃথিৱীত প্ৰায় দহহাজাৰ ঢেকীয়াবৰ্গৰ প্ৰজাতি আছে। কিন্তু উত্তৰ-পূৰ্বাঞ্চলত ৫ বিধ ঢেকীয়াহে উপলব্ধ আছে। ঢেকীয়া আৰু কণী ভাজিৰ সুস্বাদৰ বাহিৰেও, ঢেকীয়া ঔ-টেঙা আৰু মাছৰ জুটি সচাঁকৈয়ে লেখত ল'ব লগীয়া। 

ঢেকীয়াত প্ৰটিন, ভিটামিন এ, ভিটামিন বি, কম্প্লেক্স, ভিটামিন চি, ভিটামিন ই, বিতা কেৰোটিন, এন্টিঅক্সিডেন্ট, কেলচিয়াম, আইৰণ, ফছফৰাছ ইত্যাদি পোৱা যায়।

আজি জানো আহক, ঢেকীয়াৰ কিছু উপকাৰিতাৰ বিষয়ে -

নিৰামিষভোজী সকলৰ বাবে ই খুব উপকাৰী কাৰণ ইয়াত প্ৰটিন আছে আৰু লগতে লাগতিয়াল ভিটামিন আৰু খনিজ পদাৰ্থ আছে।গতিকে মাংস নাখাই পুষ্টিহীনতাত ভূগিছো বুলি ভুল ধাৰণা লব নালাগে। ই সহজলভ্য আৰু পুষ্টিকৰ খাদ্য।নিচিন্ত মনেৰে খাওক৷

১. কেলচিয়াম,ফচফৰাছ থকা বাবে হাড়ৰ গঠনৰ বাবে উপকাৰী।

২. ঢেকীয়াৰ বাতনাশক গুণ আছে।

৩. মহিলাৰ স্তন ৰোগৰ বাবে অতিকৈ উপকাৰী। প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱা আৰু মাতৃদুগ্ধৰ উন্নতি ঘটায়।

৪. বক্ষৰোগ, কাঁহ-শ্বাসজনিত ৰোগ, হাওঁফাওঁৰ কৰ্কটৰোগ প্ৰতিৰোধ কৰে।

৫. ঢেকীয়া ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

৬. ঢেকীয়াই শক্তিবৰ্ধক আৰু যৌনশক্তি বৃদ্ধি কৰে।

৭. জীৱণুনাশক গুণ থকা আৰু স্বভাৱত শীতল হোৱা বাবে পেচাবৰ সমস্যা যেনে মূত্ৰনলীৰ সংক্ৰমণ বা ইউৰিনাৰী ট্ৰেক্ট ইনফেক্সন (UTI)ত উপকাৰী।

৮. বিতা কেৰোটিন ,ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাত সহায় কৰে।

৯. ৰুচি বৰ্ধক,আৰু কোষ্ঠকাঠিন্য দুৰ কৰে।

১০. পেলুৰ সমস্যাত ঢেকীয়া শাক উপকাৰী।

১১. লিভাৰৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে।ইয়াৰ উপৰিও জণ্ডিচ, ফেটি লিভাৰত উত্তম পথ্য।

১২. ডায়েবেটিচ ৰোগীৰ বাবে ঢেকীয়া সুপথ্য।

১৩. ভিটামিন এ থকা বাবে দৃষ্টি শক্তিৰ বাবে উপকাৰী।

১৪. ঢেকীয়াত থকা পটিচিয়ামে উচ্চ ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

১৫. ঢেকীয়াৰ শিপাৰ চাহ বনাই খালে হাওঁফাওঁত অক্সিজেনৰ প্ৰবাহ ভাল হয়৷ উশাহ লোৱাৰ কষ্ট দূৰ হয়৷

Category
Profile picture for user UB Photos