লোভেই পাপ, পাপে মৃত্যু! কয়লা চুৰি কৰিবলৈ গৈ মৃত্যুক সাৱটিলে এজন শ্ৰমিকে......

death

খুদ নিজেই মাতিলে নিজৰ কাল! লিডুৰ কয়লাখনিত সংঘটিত হৈছে এক অঘটন। কয়লা চুৰি কৰিবলৈ গৈ পুনৰ এবাৰ প্ৰাণ হেৰুৱালে আন এজন শ্ৰমিকে। এইবাৰ প্ৰাণ হেৰুৱা মৃত শ্ৰমিক জন বৰডুমছাৰ জনৈক সুৰজ বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, মঙলবাৰে লিডুৰ টিৰাপ কলিয়ৰীত স্থানীয় একাংশ লোকে যুৱকজনৰ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছৰে পৰা সমগ্ৰ অঞ্চলটোত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হয়।

এনেদৰেই এতিয়া, লিডুৰ কয়লা খনিত ইজনৰ পিছত সিজন শ্ৰমিক মৃত্যু হোৱা দেখা গৈছে যদিও কয়লা মাফিয়া সকলে প্ৰতিবাৰে এই ঘটনাসমূহ গাপ দিয়াৰ চেষ্টা চলায়। লিডুৰ ভিন্ন অঞ্চলত এফালে যদি চলি আছে কয়লা মাফিয়াৰ দপদপনি আনফালে কয়লা শ্ৰমিকৰ ৰহস্যজনক মৃত্যুৱে বহু ৰহস্য ফাদিল কৰিছে।

আনহাতে, লিডুৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু এইটোৱে প্ৰথম ঘটনা নহয়, আগতেও বহুকেইজন শ্ৰমিকে কৰুণ মৃত্যুক সাৱটি লৈছিল। কিন্তু আৰক্ষীৰ ফালৰ পৰা কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। লিডু আৰক্ষীৰ নিষ্ক্ৰিয় ভূমিকাৰ বাবেই সঘনাই এনে ঘটনা সংঘটিত হোৱা বুলি দাবী কৰিছে বিভিন্নজনে।

Category