Guwahati Name Change

শীঘ্ৰে সলনি হ’ব গুৱাহাটীৰ কেইবাটাও স্থানৰ নাম।

উল্লেখ্য় যে, আঠটাকৈ স্থানৰ নাম সলনিৰ বাবে চিন্তা চৰ্চা কৰিছে পৌৰ নিগমে। মুখ্যমন্ত্ৰীৰ অনুৰোধৰ পিছতে তৎপৰ হৈ পৰিছে গুৱাহাটী পৌৰ নিগম।

জানিব পৰা মতে, সলনি হ’ব চেৰাবভাটি আৰু কালাপাহাৰৰ নাম। চেৰাবভাটিৰ নতুন নাম হ’ব আৰ্যনগৰ। আনহাতে, কালাপাহাৰৰ নতুন নাম হ’ব নীলাচল নগৰ। আন বহু ঠাইৰো নাম সলনিৰ বাবে চিন্তা-চৰ্চা চলিছে পৌৰ নিগমৰ।