Doordarshan Guwahati

দুঃখবৰ! অসমৰ ইলেক্ট্ৰনিক মিডিয়াৰ অন্যতম বাটকটীয়া প্ৰতাপ বৰদলৈৰ দেহাৱসান। ১৯৪৯ চনত জন্মগ্ৰহণ কৰা বৰদলৈ কিছুদিন ধৰি অসুস্থ হৈ আছিল। আৰু শেষত শনিবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে।

প্ৰতাপ বৰদলৈ আছিল দূৰদৰ্শন গুৱাহাটীৰ প্ৰথমগৰাকী অসমীয়া বাতৰি পৰিবেশক। নিজৰ সাৱলীল কণ্ঠৰ জৰিয়তে সকলোৰে বাবে চিনাকী মুখ হৈ পৰিছিল প্ৰতাপ বৰদলৈ।

মৃত্যুৰ সময়ত প্ৰতাপ বৰদলৈয়ে পত্নী ড০ ৰুমা বৰদলৈৰ লগতে দুগৰাকী কন্যা আৰু এটি পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়।