উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল শ্যামকানু মহন্তৰ। জুবিনৰ মৃত্যুৰ গোচৰ CBIলৈ হস্তান্তৰৰ আবেদন জুবিন গাৰ্গৰ মৃত্যুৰ অভিযুক্ত শ্যামকানুৰ। মালয়েছিয়াৰ পৰা কৰা হৈছিল শ্যামকানুৰ লেখ আৱেদন। শ্যামকানুৰ লেখ আৱেদনৰ নটাৰী কৰা হৈছিল মালয়েছিয়াত। উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা তদাৰকৰ আহ্বান শ্যামকানুৰ।
১৭৪ পৃষ্ঠাজোৰা এই লেখ আবেদনত জুবিনৰ মৃত্যুৰ গোচৰৰ তদন্ত অসম আৰক্ষীৰ পৰা হস্তান্তৰৰ অনুৰোধ জনাইছে শ্যামকানুৱে। অসম আৰক্ষীৰ পৰা CBIলৈ গোচৰ হস্তান্তৰৰ আবেদন কৰিছে শ্যামকানু মহন্তই। এই গোচৰত শ্যামকানুৰ পৰিয়ালৰ লোকক কৰায়ত্ত নকৰাৰ বাবেও আহ্বান জনোৱা হৈছে।