মহানগৰীত চাঞ্চল্যকৰ ঘটনা ।
মহানগৰীৰ জালুকবাৰী গোটানগৰত স্থানীয় লোকক আক্ৰমণ ৫-৬জনীয়া এটা যুৱকৰ দলৰ।
কোনো কাৰণ নোহোৱাকৈয়ে নিশাৰ ভাগত দলটোৱে স্থানীয় লোককেইজনক মাৰপিট কৰাৰ অভিযোগ ।
২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপতে সংঘটিত হৈছে এই মাৰপিটৰ ঘটনা।
দলটোৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় জিতু হাজৰিকা, ঋতু হাজৰিকা আৰু দীপেন দাস নামৰ লোক তিনিজন।
বৰ্তমানো চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আছে ঋতু হাজৰিকা নামৰ এজন।
এতিয়া চিনাক্ত হোৱা নাই আক্ৰমণকাৰী যুৱকৰ পৰিচয়।
ঘটনা সন্দৰ্ভত গোশালা আৰক্ষী চকীত এজাহাৰ দাখিল ভুক্তভোগীৰ।
- Read more about স্থানীয় লোকক আক্ৰমণ ৫-৬জনীয়া যুৱকৰ দলৰ
- Log in to post comments