ৰহস্যজনক ! অষ্ট্ৰেলিয়াত চন্দ্ৰযান-৩ৰ অৱশিষ্ট উদ্ধাৰ.......

ISRO

পশ্চিম অষ্ট্ৰেলিয়াৰ সাগৰ তীৰত উদ্ধাৰ হৈছে ৰহস্যময় বিশাল ধাতুৰ চিলিণ্ডাৰ। তাকে লৈ এতিয়া অষ্ট্ৰেলিয়াত সৃষ্টি হৈছে তীব্ৰ কৌতুহলৰ। 

উল্লেখ্য যে, অষ্ট্ৰেলিয়াৰ মহাকাশ গৱেষণা সংস্থাৰ বিজ্ঞানীসকলে এই ৰহস্যময়ী বৃহৎ চিলিণ্ডাৰটো যোৱা ১৪ জুলাই তাৰিখে ভাৰতে উৎক্ষেপন কৰা মহাকাশযান চন্দ্ৰযান-৩ৰ অংশ বুলি সন্দেহ প্ৰকাশ কৰিছে। কিন্তু ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ তৰফৰ পৰা এই পৰ্যন্ত এই বিষয়ে কোনো মন্তব্য প্ৰকাশ কৰা নাই। 

ISRO

আনহাতে, দেওবাৰে ইচৰোই এক টুইটযোগে চন্দ্ৰযান-৩ৰ অগ্ৰগতিৰ বিষয়ে জনাই কয় যে, মহাকাশযানখন বৰ্তমান সম্পূৰ্ণ সুস্থ অৱস্থাত আছে আৰু ইতিমধ্যেই পৃথিৱীৰ দুটা কক্ষপথ সুকলমে পাৰ কৰি তৃতীয় কক্ষপথৰ দিশে গতি কৰি আছে।

ISRO

ইপিনে অষ্ট্ৰেলিয়াৰ মহাকাশ সংস্থাৰ এগৰাকী মুখপাত্ৰই জনাই যে তেওঁলোকে এই অচিনাক্ত সামগ্ৰীবিধৰ গৱেষণা কৰিছে আৰু ই কিছুদিন পূৰ্বে ভাৰতে উৎক্ষেপন কৰা চন্দ্ৰযান-৩ৰ অংশ হ'ব পাৰে নেকি সেই বিষয়েও পৰীক্ষা চলাইছে। সমান্তৰালভাবে তেওঁলোকে বিশ্বৰ বিভিন্ন মহাকাশ সংস্থাসমূহৰ লগতে ইচৰোৰ লগতো ইয়াৰ তথ্যৰ বাবে যোগাযোগ অব্যাহত ৰাখিছে।

ISRO

মহাকাশ পুৰাতত্ত্ববিদ ড০ এলিচ গৰমেনে দ্য গাৰ্দিয়ীনৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ব্যক্ত কৰে যে, এই সামগ্ৰীবিধ এবিধ ইন্ধন চিলিণ্ডাৰ যি ভাৰতৰ মেৰু উপগ্ৰহ উৎক্ষেপন ৰকেটৰ অংশৰো হ'ব পাৰে আৰু ই চন্দ্ৰযান-৩ৰ তৃতীয় পৰ্যায়ত মহাকাশযানখনৰ পৰা বিচিন্ন হোৱা অংশ হোৱাৰ সম্ভাৱনা বেছি। কোনো বৃহৎ সাগৰীয় পৰিঘটনাৰ ফলত ই স্থানচুত্য হৈ পাৰলৈ আহিব পাৰে বুলিও তেওঁ সন্দেহ প্ৰকাশ কৰে বিজ্ঞানীগৰাকীয়ে।   

Category