সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে গুৱাহাটীৰ লতাশিলস্থিত ভেক্টৰ একাডেমীয়ে বহু উদগণিমূলক ছাত্ৰ-বৃত্তিৰ প্ৰচেষ্টা হাতত লৈছে।
JEE/NEETৰ বাবে নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান, ভেক্টৰ একাডেমীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ তথা অসমৰ ভিতৰত শীৰ্ষ স্থান দখল কৰা শিক্ষাৰ্থীসকলক উচ্চতৰ মাধ্যমিক শাখাত নামভৰ্ত্তি কৰালে ১০০% ছাত্ৰবৃত্তিৰ লগতে সম্পূৰ্ণ বিনামূলীয়া হোষ্টেলৰ ব্যাৱস্থা কৰা হৈছে ।
তদুপৰি ভেক্টৰ একাডেমীয়ে ঘোষণা কৰিছে যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৫% বা তাতোধিক নম্বৰ পোৱা শিক্ষাৰ্থীয়ে বিনামূলীয়াকৈ বিদ্যালয় সমন্বিত পাঠ্যক্ৰম (School Integrated Program) ত অন্তৰ্ভূক্ত কৰিব পাৰিব।
এই উপলক্ষে, ভেক্টৰ একাডেমীৰ Director of Growth, মুখলেছৰ ৰেহমানে কয় যে, “দেশৰ আগশাৰীৰ উজ্জ্বল আৰু দক্ষলোকৰ উদ্যোগত সামগ্ৰিক শিক্ষাৰ পৰিবেশ উন্নত কৰাৰ লক্ষৰে ভেক্টৰ একাডেমীয়ে এইসমূহ চেষ্টা হাতত লৈছে। আশাকৰো এই বৃত্তি জৰিয়তে শিক্ষাৰ্থীসকলে মাচুলৰ পৰা আদি কৰি লাগতিয়াল কিতাপ-পত্ৰ আদি পাবলৈ সক্ষম হ’ব।“
তেওঁ আৰু জনায় যে, “১১ জুন তাৰিখৰ ভিতৰত যিসকল শিক্ষাৰ্থীয়ে নামভৰ্তি কৰিব, তেওঁলোকক ২৫% শতাংশ ৰেহাই দিয়া হ’ব।"
শিক্ষাৰ্থীৰ বাবে এক অনুকুল পৰিবেশ প্ৰদান কৰাৰ বাবে ভেক্টৰ একেডেমীয়ে এক সূস্থ পৰিবেশ গঢ়ি তুলিব সক্ষম হৈছে ।
প্ৰতিখন বিদ্যালয়ৰ TOP ৩ শিক্ষাৰ্থীয়ে বিনামূলীয়া বিদ্যালয় সমম্বিত পাঠ্যক্ৰম (School Integrated Program) ৰ বাবে আবেদন কৰিব পাৰিব ।
ভেক্টৰ একাডেমীয়ে ৭০% ৰ অধিক নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে ১০০০ টকাকৈ ২৪ মাহৰ বাবে ছাত্ৰবৃত্তিৰ অনুদান ঘোষনা কৰিছে ।
এই বৃত্তিৰ বাবে আবেদন কৰিবলৈ শিক্ষাৰ্থী সকলে http://www.vectorsacademy.org/need অথবা www.needf.in ৱেবছাইটত সকলো তথ্য সংগ্ৰহ কৰিব পাৰিব। ইচ্ছুক শিক্ষাৰ্থীয়ে প্ৰাপ্ত নম্বৰ সমূহ ৱেবছাইটত ভৰ্ত্তি কৰি এই সুবিধা লাভ কৰিব পাৰিব।
- Log in to post comments