প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশেষ সন্মান ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ বিশেষ সন্মান ফেশ্বন ডিজাইনাৰ সংযুক্তা দত্তৰ

দেশৰ আগশাৰীৰ ফেশ্বন ডিজাইনাৰ আৰু অসমৰ গৌৰৱ সংযুক্তা দত্তই ৰাষ্ট্ৰীয় হস্ততন্ত্ৰ দিৱসৰ পবিত্ৰ অৱসৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ এটা বিশেষ সন্মান আগবঢ়াইছে। তেওঁৰ প্ৰতিচ্ছবিৰে সজ্জিত এটি হস্তবুনিত অঙ্গবস্ত্ৰৰ জৰিয়তে, দত্তই মোদীজীৰ দূৰদৰ্শী নেতৃত্ব আৰু হস্ততন্ত্ৰ শিল্পক পুনৰুজ্জীৱিত কৰা ক্ষেত্ৰত তেওঁৰ অবিৰত প্ৰচেষ্টাৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰিছে।

সংযুক্তা দত্তৰ মতে, “এই প্ৰতীকধর্মী সৃষ্টি খনে দেশৰ তাঁত শিল্পী সমাজৰ প্ৰতিও সন্মান জ্ঞাপন কৰে। হস্ততন্ত্ৰ ক্ষেত্ৰখন উজলাই তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰীগৰাকীয়ে যি দৃঢ় প্ৰতিশ্ৰুতি আৰু অম্লান উৎসাহ দেখুৱাই আহিছে, এই অঙ্গবস্ত্ৰটি তাৰেই এক নিগঢ় প্ৰতিচ্ছবি।”

এই পদক্ষেপৰ জৰিয়তে দেশৰ তাঁত শিল্পী সকলৰ হেঁপাহ আৰু পৰম্পৰাগত শিল্পক নতুন উৎসাহ আৰু স্বীকৃতি দিয়া হৈছে।

Category