অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে আয়াৰলেণ্ডত...

Ireland Riots and Protest

অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছে আয়াৰলেণ্ডত। মুছলিম অনুপ্ৰৱেশকাৰীয়ে আয়াৰলেণ্ডৰ নাগৰিকক চুৰিৰে আক্ৰমণ কৰা দুটাকৈ ঘটনাৰ পিছত ক্ষোভিত হৈ পৰিছে স্থানীয় নাগৰিক। অনুপ্ৰৱেশকাৰীৰ ছুৰিকাঘাটত তিনিটা শিশুকে ধৰি পাঁচজন লোক আহত হয়। এই ধৰণৰ ঘটনাই আয়াৰলেণ্ডৰ নাগৰিকক অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰায়। অনুপ্ৰৱেশকাৰীক আশ্ৰয় দিয়া কেন্দ্ৰ তথা তেওঁলোকক অনা–নিয়া কৰা বাছত আক্ৰমণ চলায় ক্ষুব্ধ আয়াৰলেণ্ডৰ নাগৰিকে। কেইবাটাও কেন্দ্ৰ আৰু বাছ জ্বলাই দিয়ে আয়াৰলেণ্ডৰ নাগৰিকে। উল্লেখনীয় যে ইজৰাইল–হামাছ যুদ্ধ আৰম্ভ হোৱাৰ পিছৰে পৰা বিশ্বৰ অন্য প্ৰান্তৰ লগতে আয়াৰলেণ্ডতো পেলেষ্টাইনী সমৰ্থকৰ দ্বাৰা ৰাজপথত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছিল। 

 

 

 

Category