আপুনি বাৰু গুটখা খাই নেকি? যদি খাই তেন্তে সাৱধান হওঁক! কাৰণ গুটখা–পাণ মচলাত পোৱা গৈছে মাৰাত্মক কৃতনাশক দ্ৰৱ্য, জানো আহক সেই বিষয়ে........

kp

গুটখা–পাণ মচলা খোৱাসকল সাৱধান হওঁক! যদিহে শিখৰ, ৰজনীগন্ধা, বিমল, কমলা পছন্দ, ছিগনেচাৰ আদি পাণ মচলা খোৱাৰ অভ্যাস আছে তেন্তে আজিয়ে সেই অভ্যাস ত্যাগ কৰক। কিয়নো বজাৰত উপলব্ধ এই সামগ্ৰীসমূহ আপোনাৰ বাবে হৈ পৰিব পাৰে প্ৰাণনাশৰ কাৰণ।

শিখৰ, কমলা পছন্দ, বিমল, ৰজনীগন্ধা আদি পাণ মচলাত মহলি কৰা হয় মাৰাত্মক মেগনেছিয়াম কাৰ্বনেট। বজাৰত উপলব্ধ মুঠ ৩৪টা ব্ৰেণ্ডৰ পাণ মচলাত মেগনেছিয়াম কাৰ্বনেট ধৰা পৰিছে।

kp

উল্লেখ্য যে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মহাধিবক্তা দেৱজিৎ শইকীয়াই খোদ পাণ মচলাত মাৰাত্মক মেগনেছিয়াম সাৰ্বনেট মিহলি থকাৰ কথা স্বীকাৰ কৰিছে। ৰাজ্য চৰকাৰৰ স্বীকাৰোক্তিৰ পিছতে মঙলবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে পাণ মচলা উৎপাদনকাৰী ৬টা প্ৰতিষ্ঠানলৈ জাৰি কৰিছে জাননী।

স্বাস্থ্য বিভাগৰ তথ্য মতে, মেগনেছিয়াম কাৰ্বনেটৰ ফলত মানুহৰ হৃদৰোগ আৰু দুৰাৰোগ্য কৰ্কট ৰোগৰ প্ৰৱণতা ৯০ শতাংশ বৃদ্ধি কৰে। ইতিমধ্যে গুটখা সেৱনৰ ফলত মুখগহ্বৰৰ কৰ্কট ৰোগৰ ঘটনাৰ উদাহৰণ বহু আছে।

মঙলবাৰে উচ্চ ন্যায়ালয়ে পাণ মচলা উৎপাদনকাৰী ৬টা প্ৰতিষ্ঠানলৈ জাৰি কৰাৰ লগতে এনে মেগনেছিয়াম কাৰ্বনেটযুক্ত পাণ মচলাৰ ক্ষেত্ৰত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে, এসপ্তাহৰ ভিতৰত তাৰ স্থিতি স্পষ্ট কৰিবলৈও নিৰ্দেশ দিছে।

Category