সকলোকে হতভম্ব কৰা এই আচৰিত ঘটনাটো সংঘটিত হৈছে বেংগালুৰুত। বেংগালুৰুৰ এজন যুৱকে ৮ বছৰ ধৰি নিজৰ পেটত লৈ ফুৰিছিল এটা নেইল কাটাৰ। ৰমেশ কুমাৰ নামৰ ৩৮ বছৰীয়া যুৱকজনৰ পেটত ধৰা পৰিছে এটা নেইল কাটাৰ।
উল্লেখ্য যে, ৰমেশ কুমাৰে এদিন হঠাতে পেটৰ বিষত থাকিব নোৱাৰি চিকিৎসকৰ কাষ চাপে। তাৰ পাছত বেংগালুৰুৰ মণিপাল হাস্পতালৰ চিকিৎসকে এক্স-ৰে কৰিবলৈ পৰামৰ্শ দিয়ে ৰমেশক। এক্স-ৰে ৰিপৰ্ট ওলোৱাৰ পিছত চকু কপালত উঠিল চিকিৎসকৰ।
পেটত অদ্ভুত বস্তুৰ উপস্থিতি লক্ষ্য কৰি চিকিৎসকে ৰমেশক সোধা-পোছা কৰে। তাৰ পাছতে পোহৰলৈ আহে এই আচৰিত কথাটো, ৮ বছৰ পূৰ্বে তেওঁ এটা নেইল কাটাৰ খাইছিল।
আনহাতে তেওঁৰ ভাষ্য অনুসৰি, 'যেতিয়া তেওঁৰ বয়স ৩০ বছৰ আছিল, তেতিয়া তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক অত্যধিক মদ্যপানৰ বাবে ৰিহাবত ৰাখিছিল। তাত হোৱা অত্যাচাৰ সহ্য কৰিব নোৱাৰি, খঙত নেইল ক্লিপাৰ এটা গিলি ৰিহাব চেণ্টাৰৰ কৰ্মচাৰীসকলক খবৰ দিছিল। তাৰ পিছত তেওঁলোকে তেওঁক কিছু কল খাবলৈ নিৰ্দেশ দিলে আৰু তেওঁলোকে তেওঁক ক'লে যে শৌচ কৰি থাকোঁতে নখ কাটাৰ শৰীৰৰ পৰা ওলাই আহিব। সেইবাবেই তেওঁ ইমান দিনে ভাবিছিল যে নেইল কাটাৰটো পেটৰ পৰা ওলাই গ'ল।”
অৱশ্যে পেটত থকা নেইল কাটাৰটোৱে ৰমেশৰ জীৱনত কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি কৰা নাই বুলি জানিব পৰা গৈছে। আনহাতে ৰিহাবৰ পৰা উভতি অহাৰ পিছত তেওঁৰ বিবাহপাশত আৱদ্ধ হয়।
মণিপাল হাল্পতালৰ বেৰিয়ান্ত্ৰিক আৰু জি আই অংক'লজীৰ চাৰ্জিকেল গেষ্ট্ৰ'এণ্টেৰ'লজীৰ পৰামর্শদাতা ডাঃ লোহিত ইউয়ে কয় যে, “এইটো মই সন্মুখীন হোৱা আটাইতকৈ বিৰল কেছ। ই নিয়মীয়া আকাৰৰ নখ ক্লিপাৰ, যিটো প্ৰাপ্তবয়স্কসকলে ব্যৱহাৰ।”
- Log in to post comments