গুৱাহাটীত অনুষ্ঠিত দুখনকৈ আই পি এল মেচ, ১৫ মে’ত পঞ্জাৱ কিংছৰ মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ, ইয়াৰ বাবে টিকট ক'ৰ পৰা কেনেকৈ সংগ্ৰহ কৰিব?

Cricket

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে চলিত ১৭ সংখ্যক আই পি এলৰ অন্তিম দুখন ঘৰুৱা মেচ গুৱাহাটীত খেলিব৷ সঞ্জু ছেমছন নেতৃত্বত ৰাজস্থান ৰয়েলছে অহা ১৫ মে’ত গুৱাহাটীৰ প্ৰথম মেচত পঞ্জাৱ কিংছৰ বিৰুদ্ধে খেলাৰ বিপৰীতে অহা ১৯ মে’ত এচিএ ক্ৰিকেট ষ্টেডিয়ামত দলটো মুখামুখি হ’ব কলকাতা নাইট ৰাইডাৰ্ছৰ৷ গুৱাহাটীৰ দূয়োখন মেচে নৈশালোকত অনুষ্ঠিত হ’ব৷

ipl

ইফালে, গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ বাবে আজিৰে পৰা অনুৰাগীৰ বাবে অনলাইনত টিকট মুকলি কৰিছে চলিত আই পি এলৰ পইণ্ট তালিকাৰ শীৰ্ষস্থানত থকা ৰয়েলছে৷ এই সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা এক সংবাদমেলত ৰাজস্থান ৰয়েলছৰ মুখ্য কাৰ্যবাহী বিষয়া জেক লুছ মেকক্ৰামে ঘোষণা কৰা অনুসৰি আজি আবেলি চাৰি বজাৰ পৰা অনুৰাগীয়ে পাঞ্জাব কিংছৰ বিৰুদ্ধে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া আৰ আৰ দলৰ প্ৰথমখন ঘৰুৱা মেচৰ টিকট ক্ৰয় কৰিব পাৰিব৷

অৱশ্যে টিকট ক্ৰয়ৰ প্ৰথম সুবিধা লাভ কৰিব সেইসকল অনুৰাগীয়ে যিসকলে আগতীয়াকৈ ইয়াৰ বাবে অনলাইনত পঞ্জিয়ন কৰিছিল৷ ইতিমধ্যে আগতীয়াকৈ পঞ্জীয়ন কৰা অনুৰাগীসকলে ১৮ এপ্ৰিল বৃহস্পতিবাৰে আবেলি চাৰি বজাৰ পৰা ১৯ এপ্ৰিল, শুকুৰবাৰ আবেলি চাৰি বজাৰ ভিতৰত ৰাজস্থান ৰয়েলছ দলৰ অফিচিয়েল টিকেটিং পাৰ্টনাৰ বুকমাইশ্ব’ত পঞ্জাৱৰ বিৰুদ্ধে খেলিব লগা মেচখনৰ টিকট সংগ্ৰহ কৰিব পাৰিব৷ অনুৰাগীসকলে বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ এই টিকট ক্ৰয় কৰিব পাৰিব৷ 

ipl

ইফালে, আগতীয়াকৈ পঞ্জিয়ন নকৰা অনুৰাগীৰ বাবে গুৱাহাটীত হ’বলগা প্ৰথমখন মেচৰ টিকট উপলব্ধ হ’ব ১৯ এপ্ৰিল, শুকুৰবাৰ আবেলি চাৰি বজাৰ পাছত৷ এই টিকটো বুকমাইশ্ব’ৰ এপ বা ৱেবছাইটত গৈ ক্ৰয় কৰিব লাগিব৷

অনলাইন টিকটৰ সৰ্বনিম্ন মূল্য এহেজাৰ টকাৰ পৰা আৰম্ভ হ’ব৷ কিন্তু গুৱাহাটীত নিজৰ প্ৰিয় ৰয়েলছ তাৰকা ৰিয়ান পৰাগৰ খেল ষ্টেডিয়ামত উপভোগ কৰাৰ বাবে হেপাহ আৰু উৎকণ্ঠাত থকা ছাত্ৰ-ছাত্ৰীসকলক এইবাৰ বিশেষ সুবিধা দিছে ৰাজস্থান ৰয়েলছে৷ সেই অনুসৰি ছাত্ৰ-ছাত্ৰীৰ বাবে দলটোৱে পাঁচশ টকা মূল্যৰ বিশেষ টিকটো মুকলি কৰিছে যিবোৰ পৰৱৰ্তী সময়ত বক্স অফিচত ক্ৰয় কৰিব পৰা যাব৷ 

ইফালে, অহা ১৯ মে’ত হ’বলগা ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মেচৰ টিকট পৰৱৰ্তী সময়ত উপলদ্ধ হ’ব৷ কিন্তু যিসকল অনুৰাগীয়ে গুৱাহাটীৰ প্ৰথম মেচৰ টিকট সংগ্ৰহ কৰিব সেইসকলক দ্বিতীয় মেচৰ টিকট ক্ৰয়ৰ সময়ত প্ৰথমে অগ্ৰাধিকাৰ দিয়া হ’ব৷ অনুৰাগীয়ে তলৰ লিংকটোত ক্লিক কৰি মেচসমূহৰ টিকট ক্ৰয় কৰিব পাৰিব৷ https://in.bookmyshow.com/sports/barsapara-cricket-stadium-guwahati/ET0…

বিশ্ব ক্ৰিকেটৰ শ্ৰেষ্ঠ পেছাদাৰী লীগ আই পি এলৰ লগত যোৱা বছৰ প্ৰথমবাৰৰ বাবে সংযোগ হৈছিল অসম তথা উত্তৰ-পূৱৰ৷ গোলাপী চহৰ জয়পুৰৰ লগতে উত্তৰ-পূৱৰ দুৱাৰমুখ গুৱাহাটীকো নিজৰ দ্বিতীয় ঘৰ হিচাপে লৈ ৰাজস্থান ৰয়েলছে এচিএ ষ্টেডিয়ামত যোৱা ছিজনৰ দুখন ঘৰুৱা মেচ খেলিছিল৷ ২০২৩ ত উত্তৰ-পূৱৰ ক্ৰিকেট অনুৰাগীৰ মৰম আৰু সমৰ্থনে পুনৰবাৰ ৰাজস্থান ৰয়েলছক গুৱাহাটীলৈ উভতি অহাত আকৃষ্ট কৰিছে৷

Category
Profile picture for user UB Photos