হঠাৎ হেলিকপ্টাৰৰ পৰা উজুতি খাই পৰিল মুখ্যমন্ত্ৰী! ক'ত, কেনেকৈ সংঘটিত হয় এই ঘটনা?.....

cm

বিশাল জনসভাত যোৱা সময়ত হেলিকপ্টাৰৰ ভিতৰতে উজুতি খাই পৰিল পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।  আছনছোলৰ কুলটিত জনসভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা। উজুতি খোৱাৰ ফলত সামান্য পৰিমাণে আঘাতপ্ৰাপ্ত হৈছে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী।

উল্লেখ্য যে, হেলিকপ্টাৰত ছিৰি বগাই গৈ আসনত বহিবলৈ লওঁতেই উজুতি খাই পৰে মুখ্যমন্ত্ৰীগৰাকী।। আজি দুৰ্গাপুৰৰ পৰা কুলটিলৈ যোৱাৰ কথা আছিল মুখ্যমন্ত্ৰীগৰাকীৰ। 

দুৰ্গাপুৰত হেলিকপ্টাৰৰ ছিৰি বগাই উঠি ভিতৰত প্ৰৱেশ কৰাৰ সময়তে দেখা যায়, আসনত বহাৰ সময়ত তৎক্ষণাত হেলিকপ্টাৰত উজুতি খাই পৰে মমতা বেনাৰ্জী। সম্ভৱত মুখ্যমন্ত্ৰীগৰাকীৰ ভৰিত কিছু আঘাত পায়। অৱশ্যে কিছু সময় পিছতে কুলটিলৈ ৰাওনা হয় মুখ্যমন্ত্ৰীগৰাকী। 

Category
Profile picture for user UB Photos