UB News

মুক্তিলাভৰ পূৰ্বেই প্ৰতিষ্ঠিত কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে অসমত নিৰ্মিত হিন্দী ভাষাৰ ছবি 'কুকি’য়ে। অহা ২৮ জুনত সমগ্ৰ দেশৰ ছবিগৃহত আনুষ্ঠানিকভাৱে মুক্তি লাভৰ পূৰ্বে ছবিখনে কাঁন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰাত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ সৈতে জড়িত কলা-কুশলীসকল। উল্লেখ্য যে, ২১ মে’ৰ পুৱা ১১.৩০ বজাত পালেই এইচ (Palais H)ত প্ৰদৰ্শন কৰা হ’ব অসমৰ হিন্দী ভাষাৰ বোলছবিখন।