ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল! উৰ্ত্তীণৰ হাৰত শীৰ্ষত কোন কোন জিলা?....

AHSEC

ইতিমধ্যেই ঘোষণা হ'ল উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। পূৱা ৯ বজাৰ লগে লগে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। প্ৰথমবাৰৰ বাবে এইবাৰৰ ফলাফলত নাই কোনো স্থানপ্ৰাপ্ত। এইবাৰৰ পৰীক্ষাত ২,৮০,২১৬গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।

ঘোষিত ফলাফল অনুসৰি, কলা শাখাত উত্তীৰ্ণ হাৰ ৮৯.১৮ শতাংশ, বিজ্ঞান শাখাত উত্তীৰ্ণ হাৰ ৮৯.৮৮ শতাংশ আৰু বাণিজ্য শাখাত উত্তীৰ্ণ হাৰ ৮৭.৮০ শতাংশ। বিগত বৰ্ষৰ তুলনাত এইবাৰ উত্তীৰ্ণৰ হাৰ যথেষ্ট উন্নত।

ইতিমধ্যেই ঘোষণা হোৱা উচ্চতৰ মাধ্যমিক কলা শাখাত উৰ্ত্তীণৰ হাৰত শীৰ্ষ স্থানত আছে বাক্সা জিলা। জিলাখনত কলা শাখাত উচ্চতৰ মাধ্যমিকত উৰ্ত্তীণৰ হাৰ ৯৭.৪৪শতাংশ।

উচ্চতৰ মাধ্যমিকত বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰত শীৰ্ষত তামলপুৰ জিলা। তামুলপুৰত উৰ্ত্তীণৰ হাৰ ৯৭.৯৮শতাংশ। জিলাখত মুঠ ৪৯৪গৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে ৪৮৪গৰাকী শিক্ষাৰ্থী উৰ্ত্তীণ হৈছে।

উচ্চতৰ মাধ্যমিকত বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰত শীৰ্ষত বজালী জিলা। বজালীত উৰ্ত্তীণৰ হাৰ ৯৬.৯১শতাংশ। জিলাখনত মুঠ ৯৭গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখাৰ চূড়ান্ত পৰীক্ষাত অৱৰ্তীণ হৈছিল। ইয়াৰে ৯৪গৰাকী উৰ্ত্তীণ হৈছে।
 

Category
Profile picture for user UB Photos