বিজনীৰ ৩ নং চিকাঝোৰাত বন্যহস্তীৰ তাণ্ডৱ। ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীয়ে চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত ৩ নং চিকাঝোৰা গাঁৱত তাণ্ডৱ চলাই। বন্যহস্তীৰ জাকটোয়ে ৩নং চিকাঝোৰা গাঁৱৰ পৰশুৰাম চৌহান, গৰিৱ চৌহান, ঝব্বৰ চৌহান আৰু প্ৰদীপ গুহৰ তামোল বাগান ভাঙি তহিলং কৰে লগতে ২ নং চিকাঝোৰা গাওঁৰ সঞ্জয় চক্ৰৱৰ্তীৰ এক বিঘা মাটি,মানিক চক্ৰৱৰ্তীৰ ৫০ লেচা মাটিৰ তামোল গছ ভাঙি তহিলং কৰি কৃষক সকলৰ ব্যাপক ক্ষতি সাধন কৰে।
- Today is: