ক্ষেত্ৰীৰ তেতেলীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত দ্ৰুতবেগী ট্ৰাকৰ নিয়ন্ত্ৰণ হেৰুৱাই ডিভাইদাৰত প্ৰচণ্ড জোৰৰ খুন্দা। ফলত সংঘটি হয় এই শোকাৱহ দুৰ্ঘটনাটো।
আৰক্ষী আৰু স্থানীয় সূত্ৰই জানিবলৈ দিয়া অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত ট্ৰাকখন গুৱাহাটীৰ দিশৰ পৰা উজনিমুৱা অভিমুখে গৈ আছিল। তেতেলীয়া অঞ্চল অতিক্ৰম কৰাৰ সময়তে চালকজনে বাহনখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায় আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইদাৰত খুন্দা মাৰে। এই ভয়াৱহ দুৰ্ঘটনাত এজন লোক থিততে নিহত হয়।
আনফালে, ঘটনাৰ খবৰ পোৱাৰ পাছতে ক্ষেত্ৰী আৰক্ষীৰ দল এটা ঘটনাস্থলীত উপস্থিত হয় আৰু স্থানীয় ৰাইজৰ সহযোগত মৃতদেহটো উদ্ধাৰ কৰে।
বৰ্তমানলৈ চিনাক্ত হোৱা নাই নিহত লোকজনৰ পৰিচয় ট্ৰাকখনৰ চালক নে সহ-চালক সেই বিষয়ে এতিয়াও নিশ্চিত হ’ব পৰা হোৱা নাই আৰু তেওঁৰ পৰিচয়ো উদ্ধাৰ হোৱা নাই।
আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা সন্দৰ্ভত এক তদন্ত আৰম্ভ কৰিছে।
- Log in to post comments