আজি গুৱাহাটীৰ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত বিজেপিৰ সংকল্প পত্ৰ মুকলি কৰে। এই অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ।
ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানটিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰঞ্জিত দাস, কেন্দ্ৰীয় ৰাজ্যিক বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি নেতৃবৰ্গ উপস্থিত থাকে।
সমাগত বিধানসভা নিৰ্বাচন উপলক্ষে ৰাজ্যিক বিজেপিয়ে প্ৰস্তুত কৰা নিৰ্বাচনী সংকল্প পত্ৰখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে নিৰ্মলা সীতাৰমণে।
৮০ পৃষ্ঠাজোৰা সংকল্প পত্ৰখনত আছে ই পি এ চৰকাৰ আৰু এন ডি এ চৰকাৰে কৰা কামৰ খতিয়ান। য’ত পৰিৱৰ্তনৰ স্পষ্ট চিত্ৰ এখন দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে পত্ৰখনৰযোগেদি। সূচীপত্ৰত থকা মুখ্যমন্ত্ৰীৰ বাৰ্তা, ৰাজ্যিক সভাপতিৰ বাৰ্তা, পৰিৱৰ্তন স্পষ্ট, বিজেপিৰ ১০ বছৰ, বিকাশৰ ১০ বছৰ, বিজেপিৰ ৩১টা সংকল্প, সুৰক্ষিত অসম, জয় আই অসম, যুৱ প্ৰজন্মৰ প্ৰগতি, বিকশিত অসম, স্বনিৰ্ভৰ নাৰী, বিকশিত অসম, সুৰক্ষিত অসম, সুশাসনৰ সংকল্প আদিকে ধৰি মুঠ ১৯টা মূল বিষয় সামৰি ইয়াৰ বিৱৰণ দিয়া হৈছে সংকল্প পত্ৰখনত।
তাৰোপৰি বানমুক্ত অসম, বিনামূলীয়া শিক্ষা, সাংস্কৃতিক সুৰক্ষা, আধুনিক কৃষি আন্তঃগাথনি, ৭জনগোষ্ঠীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অ’বিচিৰ তালিকা, ক্ৰীড়াৰ সামগ্ৰিক উন্নয়ন, বৰাক উপত্যকাৰ উন্নয়ন, নিযুক্তিক সুযোগ সম্প্ৰসাৰণ আদি বিষয় সন্দৰ্ভতো সাৱলীল বিৱৰণ দিয়া হৈছে পত্ৰখনত। উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যিক বিজেপিৰ এই সংকল্প পত্ৰখনত অসমৰ শিক্ষা, স্বাস্থ্য, সম্ভাৱনা, অৰ্থনীতি, উন্নয়ন, ৰাজনীতি, সংস্কৃতি ইত্যাদি বিভিন্ন দিশত গুৰুত্ব দিয়াৰ বিষয়ে উল্লেখ কৰা হৈছে।
- Log in to post comments