২ লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

himanta biswa sarma

ৰাজ্যৰ বিধানসভা নিৰ্বাচন দিন চমু চাপি অহাৰ লগে লগে সকলোবোৰ ৰাজনৈতিক দলে প্ৰচাৰাভিযান তীব্ৰতৰ কৰি তুলিছে৷ প্ৰতিকুল বতৰকো নেওচি ইতিমধ্যে শাসক- বিৰোধীৰ প্ৰাৰ্থীৰ হৈ অসমত প্ৰচাৰ চলাইছেহি কে’বাগৰাকী হাই প্ৰফাইল নেতাই৷ নিৰ্বাচনী প্ৰচাৰৰ মাজতে নিৰ্বাচনী ৰণডংকা বজাই চিলাপথাৰত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 

চিচিবৰগাঁও সমষ্টিৰ অন্তৰ্গত চিলাপথাৰস্থিত দঞিঃ পলঃ কমপ্লেক্সত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কেইবাটাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰীগৰাকীয়ে অনাগত সময়ত চৰকাৰে ২ লাখ নিবনুৱাক নিযুক্তি প্ৰদান কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে। লগতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে ভবিষ্যতে প্ৰতিগৰাকী মহিলাক ২৫,০০০ কৈ ধন প্ৰদান কৰিব।বুলি কয়। 

বিগত সময়ত ১ লাখ ৬৫ হাজাৰ নিৱনুৱাক চাকৰি দিয়া হ'ল। অহাবাৰ বিজেপিৰ চৰকাৰ আহিলে পুনৰ ২ লাখক চাকৰি দিয়া হ'ব বুলিও উল্লেখ কৰে। লগতে বাংলাদেশী মিঞাৰ প্ৰসংগ তুলি এইবাৰ বিজেপি চৰকাৰ আহিলে মিঞাৰ হাত ভৰি ভাঙি বিকলাংগ কৰিম বুলি উল্লেখ কৰে। 

Category