ধুবুৰীৰ গৌৰীপুৰৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।মালবাহী ট্ৰাক আৰু যাত্ৰীবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ ।সংঘৰ্ষত থিতাতে নিহত এজন আৰু গুৰুতৰভাৱে আহত দুজন।
নিহত লোকজন চাপৰ চক্ৰ বিষয়া কাৰ্যালয়ৰ কৰ্মচাৰী ৰোমিও ঘোষ, গুৰুতৰভাৱে আহত লোক দুজন ক্ৰমে চাপৰৰ চক্ৰ বিষয়া শশী ভূষণ ৰাজকোঁৱৰ আৰু দুৰ্য্যোগ প্ৰশমন বিভাগৰ ক্ষেত্ৰ বিষয়া দীপাংকৰ অধিকাৰী বুলি জানিব পৰা গৈছে
গুৰুত্বভাৱে আহত দুজনক ধুবুৰী মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত থকা লোককেইজন নিৰ্বাচনী দ্বায়িত্ব পালন কৰিবলৈ ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ আছিল।
- Log in to post comments