বুধবাৰে বিয়লি ঘিলামৰাত ভয়ংকৰ দুৰ্ঘটনা। বাইক আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।ফলত দুগৰাকী কিশোৰ গুৰুতৰভাবে আহত হয়।
প্ৰাথমিক তথ্য মতে, এ এছ ০৬-এছ- ১২৫১ নম্বৰ এখন বাজাজ পালচাৰ বাইক আৰু এ এছ ০৬- এ এন- ৮৩৮৪ নম্বৰৰ টাটা লঘু বাহনৰ মাজত এই দুৰ্ঘটনা সংঘটিত হয়।দুৰ্ঘটনাত দুৰ্গেশ্বৰ বৰগোঁহাইৰ পুত্ৰ চাণক্য বৰগোঁহাই (১৯)আৰু ঘন চাংমাইৰ পুত্ৰ ৰাতুল চাংমাই(১৮) গুৰুতৰ ভাবে আহত হৈছে।বুলি জানিব পৰা গৈছে আহত কিশোৰ দুজনক ঘিলামৰা সামূহিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
ইফালে, ঘিলামৰা আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহত সকলক উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আনহাতে, লঘু বাহনখনৰ গৰাকী চালক, ঘিলামৰা বিদ্যুৎ উপ সংমণ্ডলৰ (এছ এম আৰ) ৰেষ্মী ৰেখা বৰুৱা বুলি চিনাক্ত কৰা হৈছে। অৱশ্যে সম্প্ৰতি বৰুৱা নিৰাপদ বুলি জানিব পৰা গৈছে।
- Log in to post comments