প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কোকৰাঝাৰ ভ্ৰমণসূচী বাতিল!
প্ৰতিকূল বতৰৰ বাবে বাতিল প্ৰধানমন্ত্ৰীৰ কোকৰাঝাৰৰ কাৰ্যসূচী বাতিল।
উল্লেখ্য যে দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কলকাতাৰ পৰা পোনে-পোনে কোকৰাঝাৰত উপস্থিত হোৱাৰ কথা আছিল প্ৰধানমন্ত্ৰীগৰাকী। কোকৰাঝাৰত কেইবাটাও নতুন প্ৰকল্পৰ শিলান্যাস কৰাৰ কথা আছিল প্ৰধানমন্ত্ৰী মোদীৰ। কোকৰাঝাৰত বিশাল জনসভাতো অংশ লোৱাৰ কথা আছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ইয়াৰ লগতে ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পথ উন্নয়ন আঁচনি ‘অসম মালা’ প্ৰকল্পৰো আনুষ্ঠানিক আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীয়ে। কোকৰাঝাৰত সৰ্বমুঠ ৪,৫৭০ কোটি টকাৰ প্ৰকল্প ৰাইজক উপহাৰ দিব প্ৰধানমন্ত্ৰীগৰাকীয়ে।
ভ্ৰমণসূচীৰ অংশ হিচাপে প্ৰধানমন্ত্ৰীয়ে তিনিখন নতুন ৰে’লৰ শুভাৰম্ভ কৰিব। লগতে চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমি পট্টা প্ৰদান কাৰ্যসূচীৰো আনুষ্ঠানিক আৰম্ভণি কৰিব। ইয়াৰ উপৰিও ৰাইজৰ বাবে ১৫০ মেগাৱাট ক্ষমতাসম্পন্ন কপিলী হাইড্ৰ' পাৱাৰ প্ৰকল্প ৰ বিদ্যুৎ উৎপাদন প্ৰকল্পটো উছৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে।
আজি বিয়লি ৫ বজাত গুৱাহাটীত তেওঁ ১৯,৪৮০ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধন, ভূমিপূজন আৰু আধাৰশিলা স্থাপন কৰিব। একেদৰে কাইলৈ শিলচৰত ২৩,৫৫০ কোটি টকাৰ প্ৰকল্প ৰাইজক উপহাৰ দিব প্ৰধানমন্ত্ৰী গৰাকীয়ে।
ৰাজ্যখনৰ পৰিবহণ, শক্তি আৰু অবকাঠামো খণ্ডৰ একাধিক গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ আৰু আধাৰশিলা স্থাপনৰ মাধ্যমে উন্নয়নৰ নতুন দিশ মুকলি হ’ব বুলি আশা প্ৰকাশ কৰা হৈছে।
আজি নিশাটো কইনাধৰাত কটাব প্ৰধানমন্ত্ৰীগৰাকীয়ে। ১৪ মাৰ্চত পুৱা ১০ বজাত গুৱাহাটীৰ পৰা শিলচৰলৈ ৰাওনা হ’ব মোদী। শিলচৰত পুৱা ১১ বজাত এক বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ পাছত শনিবাৰে দুপৰীয়া প্ৰায় ১ বজাত শিলচৰৰ পৰা নতুন দিল্লীলৈ উভতি যাব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
- Log in to post comments