তীব্রবেগী ডাম্পাৰে মহতিয়াই নিলে যুৱকক;থিতাতে নিহত যুৱক

guwahati news

গুৱাহাটী মহানগৰীৰ পানীখাইতিত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা ।

তীব্রবেগী ডাম্পাৰে মহতিয়াই নিলে এজন যুৱকক ।ফলত থিতাতে নিহত হয় যুৱকজন।

থিতাতে নিহত হোৱা যুৱকজন পানীখাইতি কালি মন্দিৰৰ বাসুদেৱ নমসুদ্ৰ বুলি জানিব পৰা গৈছে।

পেছাত কাঠমিস্ত্ৰী কাম কৰা যুৱকজন নিশা কামৰ পৰা ঘৰলৈ উভটি আহি থকা সময়তে কোনো তীব্রবেগী ডাম্পাৰে মহতিয়াই লৈ যায়। যাৰ ফলত থিতাতে নিহত হয় যুৱক জন ।

ইপিনে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই পলায়ন কৰে ডাম্পাৰখন ।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘাটনাস্থলীত আৰক্ষীৰ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্ত পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ।

আনহাতে ডাম্পাৰখন কৰায়ত্ত কৰিবলৈ আৰক্ষীয়ে নিশাই অভিযান চলায় যদিও এতিয়ালৈ ডাম্পাৰখনৰ কোনো শুং সূত্ৰ পোৱা নাই ।

স্থানীয় ৰাইজে অভিযোগ অনুসৰি শিলসাকো বিলৰ পৰা মাটি কঢ়িয়াই অনা তীব্রবেগী ডাম্পাৰে এই দুৰ্ঘটনাটো সংঘটিত কৰে ।

আনহাতে স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে যে প্ৰাগজ্যোতিষপুৰ যান বাহন শাখাৰ আৰক্ষীৰ লোক সকলে ট্ৰাক আৰু ডাম্পাৰ পৰা ধন সংগ্ৰহত ব্যস্ত থাকে । তেওঁলোকে যান বাহনৰ গতি নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰে ।

Category