যোৰহাটস্থিত উত্তৰ-পূব বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানত(NEIST) ভয়ংকৰ অগ্নিকাণ্ড ।
শুকুৰবাৰে পুৱতি নিশা প্ৰতিষ্ঠানটোৰ ৰাসায়নিক সামগ্ৰী ভৰ্তি কেন্দ্ৰীয় ভঁৰালত সংঘটিত হয় অগ্নিকাণ্ড । কেইবাটাও বিস্ফোৰণৰ শব্দই কঁপাই তোলে বৃহৎ প্ৰতিষ্ঠানটোৰ চৌহদত । ফলত আতংকময় পৰিৱেশে বিৰাজ কৰে ।
এই ভয়াৱহ বিস্ফোৰণৰ ফলত প্ৰতিষ্ঠানটোৰ কেন্দ্ৰীয় ভঁৰালত মজুত থকা বৃহৎ পৰিমাণৰ ৰাসায়নিক সামগ্ৰী আৰু বিভিন্ন গৱেষণা সামগ্ৰী ধ্বংস হয় । ৰাসায়নিক সামগ্ৰী জ্বলি যোৱাৰ বাবেই প্ৰচণ্ড বিস্ফোৰণ হয় বুলি সন্দেহ কৰা হৈছে । এনে পৰিস্থিতিত কাষৰীয়া অঞ্চলসমূহতো সৰ্তকতা জাৰি কৰিব লগা হয় । যোৰহাট, মৰিয়নী, টিয়ক, তিতাবৰ, দেৰগাঁও আদিৰ পৰা অহা কেইবাখনো অগ্নিনিৰ্বাপক বাহিনীৰ বাহনে ঘণ্টা ঘণ্টা ধৰি জুই নিয়ন্ত্ৰণৰ চেষ্টা কৰে । পুৱাৰ ভাগত জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় যদিও সম্পূৰ্ণৰূপে জুই নিয়ন্ত্ৰণ হোৱা নাই বুলি জানিব পৰা গৈছে ।
অগ্নিকাণ্ড সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "নিশা প্ৰায় ১ মান বজাত এই ভয়াৱহ অগ্নিকাণ্ডৰ বিষয়ে জানিব পাৰিলোঁ । এই জুই প্ৰতিষ্ঠানটোৰ ৰাসায়নিক পদাৰ্থ আৰু গৱেষণা সামগ্ৰী মজুত কৰি ৰখা কেন্দ্ৰীয় ভঁৰালত লাগিছে । অগ্নিকাণ্ডৰ ফলত হোৱা বিস্ফোৰণ বহু দূৰলৈকে শুনিবলৈ পোৱা গৈছিল ।"
- Log in to post comments