পুনৰ মহানগৰীত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ

guwahati news

পুনৰ মহানগৰীত জব্দ লক্ষাধিক টকাৰ ড্ৰাগছ।

গুৱাহাটীৰ ভৰলু আঠ নং গেটৰ ওচৰত জব্দ ড্ৰাগছখিনি।

মহানগৰীত ড্ৰাগছ সৰবৰাহত নামিল পাঞ্জাবৰ যুৱক।

গ্ৰাহকৰ বেশত যোৱা SOG টীমৰ আৰক্ষীয়ে আটক কৰে ববী সিং আৰু মোহিত নামৰ দুই সৰবৰাহকাৰীক।

চাবোনৰ ছয় টাকৈ কেছত ভৰাই আনিছিল ড্ৰাগছখিনি।

ড্ৰাগছৰ লগতে আৰক্ষীয়ে জব্দ কৰে  সৰবৰাহকাৰীৰ AS 01FT 3259 নম্বৰৰ স্কুটি এখন।

মহানগৰীৰ ভৰলু অঞ্চলত ভাড়াতীয়া হিচাপে থাকি এই দুই সৰবৰাহকাৰীয়ে দীৰ্ঘদিন ধৰি মহানগৰীত চলাই আহিছিল ড্ৰাগছৰ বেহা।

সম্প্ৰতি ভৰলু আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই আছে দুই সৰবৰাহকাৰীক।

Category