বৃহস্পতিবাৰে বলীউড অভিনেতা ৰাজপাল যাদৱে তিহাৰ জেল কৰ্তৃপক্ষৰ ওচৰত আত্মসমৰ্পণ কৰে।
জেল সূত্ৰৰ মতে, বৃহস্পতিবাৰে বিয়লি প্ৰায় ৪ বজাত অভিনেতাজনে জেল কৰ্তৃপক্ষৰ সন্মুখত আত্মসমৰ্পণ কৰে
উল্লেখ্য যে, আদালতে ৰাজপাল যাদৱক ২ ফেব্ৰুৱাৰী বুধবাৰে সন্ধিয়া ৪ বজাৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছিল। যদিও আত্মসমৰ্পণৰ সময়সীমা ৪ ফেব্ৰুৱাৰীলৈ আছিল, অভিনেতাজনৰ অধিবক্তাই আদালতত ৫০ লাখ টকা যোগাৰ কৰি ধন পৰিশোধ কৰাৰ বাবে আৰু এসপ্তাহৰ সময় বিচাৰিছিল। কিন্তু ন্যায়াধীশ স্বৰণ কান্ত শৰ্মাই এই আবেদন নাকচ কৰি কয় যে আত্মসমৰ্পণৰ সময় বৃদ্ধি কৰাৰ বাবে কোনো যুক্তিসংগত ভিত্তি নাই।
- Log in to post comments