আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজ্বলিল অসমৰ জীয়াৰী। বিশ্বৰ আটাইতকৈ কনিষ্ঠ সাঁতোৰবিদ হিচাপে পৰিচিত হ'ল ৭ বছৰীয়া মিছ কিউচেংঘান ফুকন।
এলিফেণ্টা আইলেণ্ডৰ পৰা গেটৱে অৱ ইণ্ডিয়ালৈ সাঁতুৰি বিশ্ব অভিলেখ গঢ়িলে অসমৰ কন্যাই।
কিউচেংঘান ফুকনে মাত্ৰ ৩ ঘণ্টা ২৯ মিনিটত প্ৰায় ১৩ কিলোমিটাৰ দীঘল এই কঠিন সাঁতোৰ সম্পূৰ্ণ কৰি বিশ্বৰ কনিষ্ঠতম সাঁতোৰবিদ হিচাপে নতুন ৰেকৰ্ড স্থাপন কৰিছে।
এই অভূতপূৰ্ব সাফল্যৰ জৰিয়তে কিউচেংঘান ফুকন উত্তৰ-পূৰ্ব ভাৰতৰ প্ৰথম গৰাকী মহিলা সাঁতোৰবিদ হিচাপে আৰৱ সাগৰত এই কৃতিত্ব অৰ্জন কৰা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। তেওঁৰ এই সাফল্যই সমগ্ৰ অসমক গৌৰৱান্বিত কৰিছে।
দ্য গ্ৰীণ স্কুল ইণ্টাৰনেচনেলৰ দ্বিতীয় শ্ৰেণীৰ (২E) শিক্ষাৰ্থী মিছ কিউচেংঘান ফুকন।। গুৱাহাটীৰ সৰুসজাইস্থিত ড° জাকিৰ হুছেইন একুৱাটিক কমপ্লেক্স আৰু অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰাঙ্গণত প্ৰশিক্ষক বাবুল গুৰুঙৰ তত্ত্বাৱধানত নিয়মিত অনুশীলন চলাই আহিছে।
- Log in to post comments