শ্ৰীভূমিত জব্দ বুজন পৰিমাণৰ কফ ছিৰাপ; আটক সৰবৰাহকাৰীক

sribhumi

শ্ৰীভূমিৰ বদৰপুৰ ৰে'ল ষ্টেচনত জব্দ বুজন পৰিমাণৰ কফ ছিৰাপ।১৪৭ বেটেলিয়ন চি আৰ পি এফ ইউনিট আৰু বদৰপুৰ ৰে’ল আৰক্ষীৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমাণৰ কফ ছিৰাপখিনি।১৫৬২৫ নং আগৰতলা সাপ্তাহিক এক্সপ্ৰেছ ট্ৰেইনৰ পৰা জব্দ কৰিছে এই  কফ ছিৰাপখিনি। 

ৰে’ল আৰক্ষীয়ে  মুঠ ৪৩৬টা কফ ছিৰাপৰ বটল জব্দ কৰে। লগতে কফ ছিৰাপ সৰবৰাহৰ লগত জড়িত এজন যুৱককো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত যুৱকজনৰ নাম সনবীৰ আলম। যুৱকজন বিহাৰৰ ইছলামপুৰৰ বাসিন্দা বুলি জানিব পৰা গৈছে

উল্লেখ্য যে, কফ ছিৰাপখিনি  তিনিটা টিনৰ বাকচত লুকুৱাই আনিছিল। বিহাৰৰ খগ্ৰিয়াৰ পৰা বদৰপুৰলৈ অনা হৈছিল কফ ছিৰাপ খিনি। ৰে’ল আৰক্ষীৰ তথ্য অনুসৰি এই কফ ছিৰাপৰ বজাৰ মূল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে। ৰে'ল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সনবীৰ আলমৰ বিৰুদ্ধে এমডিপিএছ আইনৰ অধীনত গোচৰ ৰুজু কৰি জেৰা অব্যাহত ৰাখিছে।

Category